তামুলপুৰত খাদ্যত বিষক্ৰিয়া : নিহত এজনৰ বিপৰীতে চিকিৎসাধীন অৰ্ধশতাধিক...

তামুলপুৰত খাদ্যত বিষক্ৰিয়া : নিহত এজনৰ বিপৰীতে চিকিৎসাধীন অৰ্ধশতাধিক...

author-image
Asomiya Pratidin
New Update
তামুলপুৰত খাদ্যত বিষক্ৰিয়া : নিহত এজনৰ বিপৰীতে চিকিৎসাধীন অৰ্ধশতাধিক...

ডিজিটেল সংবাদ, তামুলপুৰ : তামুলপুৰ মহকুমাৰ ইক্ৰাবিল গাঁওত খাদ্যত বিষক্ৰিয়া হৈ গাঁওখনৰ কেইবাগৰাকীও লোক অসুস্থ হৈ পৰে ৷ ইক্ৰাবিল গাঁৱৰ এখন গনেশ পূজাত মাহ প্ৰসাদ খাই বিষক্ৰিয়াৰ ঘটনা সংঘটিত হয় ।

Advertisment

ইতিমধ্যে খাদ্যত বিষক্ৰিয়া হৈ এগৰাকী শিশুৰ মৃত্যু হয়। মৃত শিশু গৰাকীৰ নাম জ্যোতিকা নমঃদাস ( ১০ )। গাঁওখনৰ শিশু মহিলা সহ অৰ্ধশতাধিক লোক আক্ৰান্ত হয় এই বিষক্ৰিয়াত ৷ খাদ্যত বিষক্ৰিয়া হোৱা লোকসকলক নাগ্ৰীজুলী আদৰ্শ চিকিৎসালয়ত চিকিৎসা কৰা হৈছে ৷

চিকিৎসক সকলে বিষক্ৰিয়া হোৱা লোকৰ স্বাস্থ্য পৰীক্ষা কৰি বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত অহাৰ কথা সদৰি কৰিছে । মহকুমা প্ৰশাসনে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ লোকক লগত লৈ তদন্ত আৰম্ভ কৰিছে ।

Also Read: গোৱালপাৰাত শোকৰ ছাঁ : জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ শোকত কণিষ্ঠ ভাতৃয়েও আঁকোৱালি ল'লে মৃত্যুক...

tamulpur