/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/94f1226e-717e-4478-95b3-b4e6aa392cd0/Guwalpara.jpg)
ডিজিটেল সংবাদ, গোৱালপাৰা: পশ্চিম গোৱালপাৰাৰ 'লক্ষীপুৰ মহাবিদ্যালয়'ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, সমাজ সেৱক তথা বিশিষ্ট ব্যৱসায়ী গোপাল পাণ্ডে দেওবাৰৰ নিশা শেষ নিশ্বাস ত্যাগ কৰে। এই দুখৰীয়া খবৰৰ শোকে লক্ষীপুৰ নগৰক খুন্দিওৱাৰ সময়তে আন এক শোকে খুন্দিয়ায় নগৰবাসীক।
গোপাল পাণ্ডেৰ মৃত্যুত ম্ৰিয়মান হৈ পৰা প্ৰতিষ্ঠিত ব্যৱসায়ী কণিষ্ঠ ভাতৃ বিজেন্দৰ পাণ্ডেও নিশা হৃদৰোগত আক্ৰান্ত হয়। জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ চৌব্বিশ ঘণ্টা পাৰ নৌহওঁতেই সোমবাৰে পুৱা বিজেন্দৰ পাণ্ডেইয়ো ইহলীলা সম্বৰণ কৰে। দুই ককাই-ভাইৰ মৃত্যুত লক্ষীপুৰ নগৰকে ধৰি বৃহত্তৰ পশ্চিম গোৱালপাৰাত শোকৰ ছাঁ পৰিছে।
পশ্চিম গোৱালপাৰাৰ স্থানীয় বিধায়ক আব্দুৰ ৰছিদ মণ্ডলকে ধৰি লক্ষীপুৰ মহাবিদ্যালয়, ব্যৱসায়ী সন্থা আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষে দুয়োটা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছে। মৃত্যুৰ সময়ত জ্যেষ্ঠ আৰু কণিষ্ঠ পাণ্ডে ভাতৃদ্বয়ৰ বয়স আনুমানিক ক্ৰমে ৭৫ আৰু ৭২ আছিল।
Also Read: জামুগুৰিহাটত চেমনীয়াৰ মুকলি বিহু...