/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a30233aa-49f1-4549-a501-a4099fbc35b0/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ ৮ অক্টোবৰত তামুলপুৰ প্ৰেছ ক্লাবত তামুলপুৰ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ সংবাদমেল। সংবাদমেল যোগে তেওঁ জনাই যে, আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰিব প্ৰাক্তন বিধায়ক তথা বিটিচিৰ প্ৰভাৱশালী নেতা ইমানুৱেল মুছাহাৰীয়ে। উল্লেখ্য যে তেওঁ বিজেপি দলত যোগদান কৰিছিল ২০২০ চনৰ ২২ নবেম্বৰত।
পদত্যাগৰ কথা কৈ তেওঁ কয় যে- 'মই ৫০হাজাৰ লোক লগত লৈ সমাৱেশৰ আয়োজন কৰি মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিলোঁ ৷' বিজেপিয়ে মূলত বিশ্বাসত নোলোৱাৰ অভিযোগ কৰি বিজেপি ত্যাগ কৰাৰ কথা সদৰি কৰে তেওঁ। আনহাতে যদিও বিশ্বাসৰ কথা কোৱা হৈছে তথাপি দল আৰু চৰকাৰখনে বিকাশৰ ক্ষেত্ৰত কাম কৰি গৈছে বুলি স্বীকাৰ কৰে মুছাহাৰীয়ে ৷
ইপিনে তেওঁ বিটিআৰত ইউ পি পি এল দলে মুখ্য ভূমিকা পালন কৰাত ব্যৰ্থ হৈছে বুলিও কয়। আগৰ কাউন্সিল আৰু বৰ্তমানৰ কাউন্সিলৰ মাজত পাৰ্থক্য থকাৰ কথা সদৰি কৰি আজি আগৰ ক্ষমতা বৰ্তমান নাই বুলি কয় মুছাহাৰীয়ে ৷ বিটিচি চুক্তি আৰু বিটিআৰ চুক্তি দোমোজা বৰ্তমান সাঁথৰ বুলি কয়।
বিটিআৰত ৰাজহ সংগ্ৰহৰ লগতে নিযুক্তিৰ ক্ষেত্ৰত বিটিচি কাউন্সিলৰ ক্ষমতা লোপ পোৱাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে। প্ৰণিধানযোগ্য যে, প্ৰাক্তন বিধায়কগৰাকী এসময়ত বিপিএফ দলৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈ বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য আছিল ৷ দুবাৰৰ বিধায়কো আছিল তেওঁ বিপিএফৰ পৰা।
Also Read: বিজয় ধ্বজা উৰুৱাই দেশলৈ উভতিব খেলুৱৈ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us