বিজয় ধ্বজা উৰুৱাই দেশলৈ উভতিব খেলুৱৈ

বিজয় ধ্বজা উৰুৱাই দেশলৈ উভতিব খেলুৱৈ

ডিজিটেল ডেস্কঃ দেওবাৰে অন্ত পৰিব এছিয়ান গেমছ-২০২৩ৰ ১৫ দিনীয়া যাত্ৰা। পোৱা-নোপোৱাৰ হিচাবেৰে নিজ নিজ দেশলৈ ৰাওনা হ'ব ৪৫ দেশৰ খেলুৱৈ-প্ৰশিক্ষক। ২৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ অতিথি শুশ্ৰূষা তথা ক্ৰীড়া ব্যস্ততাৰ পৰা আহৰি নোপোৱা হাংজৌ চহৰৰৰ ষ্টেডিয়াম-আয়োজনক সমিতিয়েও অনুভৱ কৰিব কাঁহ পৰি জীণ যোৱা পৰিৱেশৰ। এমুঠি আশাৰে আৰম্ভ কৰা যাত্ৰাত প্ৰাপ্তি-অপ্ৰাপ্তিৰ অংক কৰি ন-পৰিকল্পনাৰ পথত আগবাঢ়িব ক্ৰীড়াবিদ।

বৰ্তমানেয়ো দুই-এটা খেলৰ ফাইনেল প্ৰতিযোগিতা সম্পন্ন হ'বলৈ বাকী থকা এই বৰ্ষৰ এছিয়ান গেমছত মুঠ ৩৮২টা পদক অৰ্জনেৰে শীৰ্ষত আছে আয়োজক দেশ চীন। পদকৰ তালিকাত চীনা প্ৰতিনিধিয়ে সংযোজন কৰিলে ২০০টা স্বৰ্ণ, ১১১টা ৰূপ, ৭১টা ব্ৰঞ্জ। চীনৰ পাছতেই দ্বিতীয় স্থান দখল কৰি জাপানে আজুৰি আনিলে মুঠ ১৮৬টাকৈ পদক; য'ত ৫১টা স্বৰ্ণ, ৫৫টা ৰূপ, ৬৯টা ব্ৰঞ্জৰ সন্মানেৰে সন্মানিত হ'ল জাপান।

ইপিনে মুঠ ১৯০টা পদক লাভ কৰিও তৃতীয় শ্ৰেষ্ঠৰ সন্মান লাভ কৰিলে দক্ষিণ কোৰিয়াই। জাপানতকৈ মুঠ পদকৰ সংখ্যা বেছি হ'লেও দক্ষিণ কোৰিয়াই স্বৰ্ণ পদকত হৰুৱাব নোৱাৰিলে জাপানক। যাৰ বাবে তৃতীয় শ্ৰেষ্ঠৰ সন্মানেৰে সন্মানিত হ'ল দেশখন। উল্লেখ্য দক্ষিণ কোৰিয়াই পদকৰ তালিকাত ৪২টা স্বৰ্ণ, ৫৯টা ৰূপ, ৮৯টা ব্ৰঞ্জ সন্নিবিষ্ট কৰিবলৈ সক্ষম হ'ল।

লক্ষণীয় বিষয় যে, তালিকাত এইবাৰ চতুৰ্থ শ্ৰেষ্ঠত আছে ভাৰত। ৪৫ দেশৰ ভিতৰত ভাৰতীয় খেলুৱৈৰ শক্তিশালী প্ৰদৰ্শনেৰে ২৮টা সোণসহ ১০৮টা পদক লাভ কৰিছে ভাৰতে। এই বৰ্ষতেই সৰ্বকালৰ ইতিহাস ভংগ কৰিবলৈ সক্ষম হ'ল ভাৰতীয় প্ৰতিনিধিয়ে। পূৰ্বৰ মুঠ ৭০টা পদক অৰ্জন কৰা ইতিহাস ভংগৰ সমান্তৰালভাৱে জেবলিনৰ একেটা শাখাতে দুটাকৈ পদক লাভ, এছিয়াডৰ বাকৰিত প্ৰথমবাৰলৈ হোৱা ক্ৰিকেটৰ প্ৰথমটো স্বৰ্ণ, পুৰুষ হকীত কোনোকালেই জাপানে ভাৰতক হৰুৱাব নোৱাৰো প্ৰথা অক্ষুন্ন আদিৰে এইবাৰ শ্ৰেষ্ঠ নহৈও শ্ৰেষ্ঠত্বৰ খিতাপ যেন আহিল ভাৰতলৈ।

দুৰ্দান্ত প্ৰদৰ্শনেৰে এছিয়াডৰ বাকৰিত ২৮টা সোণৰ লগতে ৩৮টা ৰূপ, ৪১টা ব্ৰঞ্জৰ মুকুত জিলিকিল ভাৰতীয় খেলুৱৈৰ শিৰত। আনহাতে মাত্ৰ ১টা পদকতেই এই বৰ্ষৰ এছিয়ান গেমছৰ যাত্ৰা সামৰিব ম্যানমাৰ, বাংলাদেশকে আদি কৰি ৫খনকৈ দেশে। উল্লেখ্য যে, এছিয়াডত সামৰণিৰ যাত্ৰাৰ লগে লগে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বহু খেলুৱৈৰ পৰৱৰ্তী লক্ষ্য হ'ব পেৰিছ অলিম্পিক।

বিজয় ধ্বজা উৰুৱাই দেশলৈ উভতিব খেলুৱৈ
আমোল মোল শেৱালিৰ গোন্ধত শৰতৰ আগমন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in