/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/68b0fd4a-b46c-4477-92f7-90e91a009ede/Tamulpur.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। শেহতীয়া ভাবে ভূটান পাহাৰৰ পাদদেশৰ পৰা খাদ্যৰ সন্ধানত হাতীৰজাক এটা নামনিত প্ৰৱেশ কৰি ১নং সুৱাগপুৰ গাঁৱত উপদ্ৰৱ চলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f6ca89cf-f462-4eb9-86af-477feaa9eea9/e10f02b9_d8be_446e_86cb_baaa68433d5b.jpg)
গাঁওখনৰ কেবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি ব্যাপক হাৰত ক্ষতিগ্ৰস্ত কৰে হাতীৰজাকটোয়ে। গাঁৱৰে কিৰণ মগৰৰ পকীঘৰ সহ ৩ঘৰ সম্পূৰ্ণ ধ্বংস কৰি পৰিয়ালকেইটাৰ বহু অনিষ্ট কৰে ৷ তাৰোপৰি গাঁওখনৰ কেবাটাও পৰিয়ালৰ তামোল নাৰিকল, কলগছ আৰু অমিতাৰ বাগানৰ ব্যাপক ক্ষতিসাধন কৰে ৷ পৰিয়ালসমূহৰ কঠীয়াতলীও নষ্ট কৰে হাতীৰজাকটোয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/78231df9-84dc-4f0a-836d-457d2e95e7eb/69525f82_c059_4a43_aac8_0d5cb4905e6b.jpg)
উল্লেখ্য বনৰীয়া হাতীৰ জাকটোত প্ৰায় ৪০টা মান হাতী থকাৰ কথা প্ৰকাশ কৰে গাঁওবাসীয়ে। হাতীৰ এই উপদ্ৰৱত এগৰাকী মহিলাৰ কথমপি প্ৰাণ ৰক্ষা পৰে। প্ৰায় প্ৰতি নিশাই বনৰীয়া হাতীৰ ভয়ত নিদ্ৰাহৰণ হয় গাঁওবাসীৰ। অৱশ্যে গাওঁখনত বনবিভাগৰ লোক উপস্থিত হৈ হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয়।
Also Read: মণিপুৰৰ জঘন্য কাণ্ডক লৈ দেৰগাঁৱত প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ...