/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3561e852-772b-435b-aecf-52ea6b302028/Prooo.jpg)
ডিজিটেল সংবাদ, দেৰগাঁওঃ সমগ্ৰ দেশ কঁপোৱা মণিপুৰৰ মহিলা যৌন নিৰ্যাতনৰ কাণ্ড পোহৰলৈ অহাৰ পিছতেই দেশৰ বিভিন্ন স্থানৰ লগতে দেৰগাঁৱটো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ বাবে সোমবাৰে দুপৰীয়া দেৰগাঁৱৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত মণিপুৰ কাণ্ডৰ বিৰোধিতাৰে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে গোলাঘাট জিলা মহিলা কংগ্ৰেছ সমিতিয়ে।
প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হুছিয়াৰ আদি বিভিন্ন শ্লোগান দিয়াৰ লগতে মণিপুৰত দুগৰাকী মহিলা বিবস্ত্ৰ কৰি এনেদৰে ৰাজপথত সমদল কৰা কাৰ্যত জড়িতসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে। প্ৰতিবাদকাৰীসকলে কয় যে, নাৰীক সুৰক্ষা দিব নোৱাৰা মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰিব লাগে আৰু মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ঘোষণা কৰিব লাগে।
উল্লেখ্য উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছ সমিতিৰ হৈ ববিতা ঘোষ, নিজৰা বৰুৱা, মমিতা বৰা, ববি দাসৰ লগতে ভৱেন গগৈ, বিনন্দ সন্ধিকৈ, গোপাল কৃষ্ণ খাউণ্ড, সত্যজিৎ হাজৰিকাসহ শতিকাধিক লোকে।