তামুলপুৰত বাক্সা জিলা কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

তামুলপুৰত বাক্সা জিলা কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
তামুলপুৰত বাক্সা জিলা কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

ডিজিটেল সংবাদ, তামুলপুৰঃ নিত্য ব্যৱহৃত খাদ্য সামগ্ৰীৰ লগতে ঔষধ, ৰন্ধন গেছ, পেট্ৰ'ল, ডিজেলকে ধৰি শিশু খাদ্যৰ মূল্যবৃদ্ধি আৰু জিএছটি আৰোপ কৰাৰ বিৰুদ্ধে সোমবাৰে তামুলপুৰত বাক্সা জিলা কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কেইবাগৰাকীও কংগ্ৰেছ নেতা-কৰ্মীয়ে তামুলপুৰস্থিত ৰাজীৱ ভৱনৰ পৰা তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী চাজিয়া বেগমৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, দুখীয়া জনসাধাৰণক সকাহ দিয়ক, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, মূল্যবৃদ্ধি হ্ৰাস কৰক, অসম চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য প্ৰতিবাদকাৰীসকলে তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে বাক্সা জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Also Read: ঘৰত হ’ব টকাৰ বৰষুণ, আহিব সুখ-সমৃদ্ধি

Assam Pradesh Congress Commitee tamulpur