Advertisment

তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত 'কা'ৰ বিৰোধিতাৰে বাইক ৰেলী

তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত 'কা'ৰ বিৰোধিতাৰে বাইক ৰেলী

author-image
Asomiya Pratidin
New Update
 তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত 'কা'ৰ বিৰোধিতাৰে বাইক ৰেলী

ডিজিটেল সংবাদ, তামুলপুৰঃ সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৩০ টা জাতীয় সংগঠনৰ সহযোগত "কা" ৰ বিৰোধীতাৰে এক বিশাল বাইক ৰেলী উলিয়ায়। আজিৰ এই বাইক ৰেলীত জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত শতাধিক আছু নেতাই চৰকাৰ বিৰোধী শ্লোগান দি সমগ্ৰ তামুলপুৰ জিলা পৰিভ্ৰমণ কৰে।

Advertisment

বাইক ৰেলীত অংশগ্ৰহণ কৰা প্ৰতিবাদী আছু নেতা সকলে- অসম চুক্তি ৰূপায়ণ কৰক, কা আমি নামানো, আমি অসমীয়াই কা নামানো, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, তামুলপুৰ জিলা ছাত্ৰ সন্থা জিন্দাবাদ, বিজেপি চৰকাৰ হায়-হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, গৃহ মন্ত্ৰী হুচিয়াৰ, মুখ্যমন্ত্ৰী হুচিয়াৰ, আদি শ্লোগান দি তামুলপুৰৰ আকাশ বতাহ কপাই তোলে।

Also Read: মোডীৰ অসম ভ্ৰমণঃ আছুৱে বাতিল কৰিলে কা- বিৰোধী প্ৰতিবাদ

caa aasu