তামুলপুৰৰ আনাৰসে আনিছে আশাৰ ৰেঙনি: অসমৰ বজাৰ দখল...

তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ মাৰিয়ামপুৰ হৰতোলা, কালাঝাৰ আদি গাঁৱত উৎপাদিত হয় বতৰৰ ফল আনাৰস

author-image
Asomiya Pratidin
New Update
তামুলপুৰৰ আনাৰসে আনিছে আশাৰ ৰেঙনি: অসমৰ বজাৰ দখল...

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ মাৰিয়ামপুৰ হৰতোলা, কালাঝাৰ আদি গাঁৱত উৎপাদিত হয় বতৰৰ ফল আনাৰস ৷ বছৰ বছৰ ধৰি একাংশ কৃষকে আনাৰসৰ খেতি কৰি আৰ্থিক ভাবে টনকিয়াল হ'বলৈ সক্ষম হৈছে ৷ বতৰৰ ফল বিধৰ বাৰিষা কালত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ ১৫/২০ গৰাকী কৃষকে বাৰীত বিশেষকৈ তামোল বাৰীৰ তলতে আনাৰসৰ খেতি কৰি দুপইচা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Advertisment

জুন, জুলাই মাহত আনাৰস পকিবলৈ ধৰে ৷ কৃষকসকলে এই ফল বিক্ৰী কৰি আৰ্থিক ভাবে স্বচল হোৱাত কোনোবাই এক দুই বিঘা, কোনোবাই আকৌ বেছি পৰিমাণৰ আনাৰসৰ খেতি কৰি ভাল উপাৰ্জনৰ দিহা কৰিবলৈ সক্ষম হৈছে। ঠিক তেনে এগৰাকী খেতিয়ক হ'ল লাইজুছ মুৰ্মু। যিয়ে দুবিঘাত আনৰসৰ খেতি কৰি উপাৰ্জনৰ বাট মুকলাইছে। পিছে বনৰীয়া হাতীয়ে এইবেলি কিছু আনাৰস নষ্ট কৰাৰ কথা খেতিয়কজনে অৱগত কৰে।

তেওঁ জনোৱা মতে, ভাৰত ভূটান সীমান্তৰ হৰতোলা, কালঝাৰ, পাটকিজুলি, মাৰিয়ামপুৰত উৎপাদিত আনাৰসৰ পৰা ফলৰ ৰস উৎপাদন কৰা সম্ভৱ ৷ উপযুক্ত সুবিধা পালে, চৰকাৰে মেচিন যোগান ধৰিলে নিশ্চয় কৃষক সকল উপকৃত হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে ৷ তামুলপুৰ, কুমাৰীকাটা, পাটকিজুলি বজাৰত আনাৰস বিক্ৰী কৰাৰ লগতে ঘৰৰ পৰাই ৫০/৫৫ টকা দৰত কিনি নিয়ে বেপাৰী সকলে৷ বজাৰত ৫৫/৬০/৭০ টকা দৰত বিক্ৰী কৰি আহিছে আনাৰস মহিলা ব্যৱসায়ীসকলে।

এতিয়া ভূটান সীমান্তৰ পাটকিজুলি অঞ্চলত উৎপাদিত বতৰৰ ফল আনাৰসেৰে ভৰি পৰিছে তামুলপুৰৰ বজাৰ ৷ সমান্তৰালভাবে সমগ্ৰ অসমতে এই আনাৰসে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। অৱশ্যে কৃষিবিভাগে আনাৰসৰ খেতিৰে কৃষকসকলক উৎসাহিত কৰিবলৈ সক্ষম হ'লে আনাৰসৰ খেতিয়ে ৰাজ্যৰ বজাৰ সম্পূৰ্ণ ৰূপে দখল কৰাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰ আৰু বিটিআৰৰ প্ৰশাসনে খাদ্য সংসাধনৰ জৰিয়তে আনাৰস ফলৰ ৰস উৎপাদন কৰি ফল-মূল সংৰক্ষণ কৰিবলৈ এটি ক্ষুদ্ৰ উদ্যোগ গঢ়ি এই ক্ষেত্ৰত কৃষকসকলক উৎসাহিত কৰিব পাৰে বুলি মত প্ৰকাশ কৰে কৃষকসকলে ৷

Also Read: কচুৱাত উচ্চ-উ: মা: শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণক আমছুৰ সম্বৰ্ধনা....

GOVT OF ASSAM agriculture