/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/922ec0a6-93d7-4cf2-8c39-5de85f9721d1/newwww.jpg)
ডিজিটেল সংবাদ, নগাঁও : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ নগাঁও জিলাৰ সমিতিৰ উদ্যোগত আৰু কচুৱা, লংজাপ, চানখোলা আঞ্চলিক সমিতিৰ সহযোগত কচুৱা অঞ্চলৰ সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্ৰী সকলক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ বাবে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/24e7c279-692c-4992-a3bb-c6144da542da/a35b7a98_0573_4993_b99c_128ad455c08a.jpg)
নগাঁও জিলাৰ আমছুৰ সভাপতি আব্দুৰ নুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ, কেন্দ্ৰীয় সমিতিৰ সম্পাদক মিন্নাতুল ইছলাম, নগাঁও জিলাৰ আমছুৰ কৰ্মকতা, কচুৱাৰ বিভিন্ন স্কুল-কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকাসকলৰ লগতে বহু ব্যক্তি ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1e9ad700-3ce7-41ed-b581-23de48dfb2c6/cdaa2f28_9fd6_42ac_9fbf_f2257b0adbb9.jpg)
সভাত ছাত্র-ছাত্ৰীসকলৰ উদ্দেশ্যে বিধায়ক শশী কান্ত দাস, আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ, সম্পাদক মিন্নাতুল ইছলাম আৰু আমন্ত্ৰিত অতিথিসকলে বক্তব্য প্ৰদান কৰে।
Also Read: পথ দুৰ্ঘটনাত অকাল মৃত্যু ফটো সাংবাদিকৰ