/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/bc0655ea-708b-40bb-8a8d-24f82f30b339/Tamulpur_Protest.jpg)
ডিজিটোল সংবাদ, তামুলপুৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত দেশ তথা ৰাজ্যত ৰন্ধনগেছ, বিদ্যুতৰ বিল, টোলগেটৰ কৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই মঙ্গলবাৰে তামুলপুৰ জিলা ছাত্ৰ সন্থাই মূলবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়াই বিক্ষোভ প্ৰদৰ্শন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3b9d8514-05db-435e-bc00-db4335fa44e3/WhatsApp_Image_2023_04_25_at_3_56_26_PM.jpeg)
অসমৰ বজাৰত জুই লাগিছে। হোৰাহোৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িছে । অত্যাধিক মূল্যবৃদ্ধিৰে জনতাৰ মূৰত মৰা হৈছে ৰামটাঙোন। কৰ বৃদ্ধি ৰন্ধন গেছ বিদ্যুত বিল আৰু টোল গেটৰ কৰ বৃদ্ধিৰে দেশৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ভৰত কোঙা হৈছে জনতা জনাৰ্দন। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে যোগান বিভাগ। আৰু মঙ্গলবাৰে এই অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত তামুলপুৰৰ ৰাজপথত ওলাই আহিল তামুলপুৰ জিলা ছাত্ৰ সন্থা। চৰকাৰ বিৰোধী শ্লোগানেৰে ছাত্ৰ সন্থাই উত্তাল কৰিলে ৰাজপথ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/4e6033ca-acfc-4bb8-b13f-b1acf8dcd143/WhatsApp_Image_2023_04_25_at_3_56_25_PM.jpeg)
তামুলপুৰ জিলা ছাত্ৰ সন্থাই এক সমদল উলিয়াই ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে আছুৰ কাৰ্যলয়ৰ পৰা এক সমদল উলিয়াই । প্ৰতিবাদকাৰী সকলে বিক্ষোভ প্ৰদৰ্শণ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰে তামুলপুৰৰ ৰাজপথ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3b3e081f-5f05-437e-b321-ec275b72ad14/WhatsApp_Image_2023_04_25_at_3_56_24_PM__1_.jpeg)
এই প্ৰতিবাদী সমদলত আছুৰ শতাধিক নেতা কৰ্মী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি হাতে-হাতে বেনাৰ পোষ্টাৰ লৈ অসম চৰকাৰ মুৰ্দাবাদ, যোগান মন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি চৰকাৰৰ হঠকাৰী নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায় ৷ এই বিক্ষোভ কাৰ্যসূচীত তামুলপুৰ জিলা আছুৰ সভাপতি ডুলুজিৎ দাস, সাধাৰণ সম্পাদক সৰঞ্জন ৰাভা প্ৰমুখ্যে মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষববীয়া সকল উপস্থিত আছিল ৷
Also Read: উৎফুল্লিত ৰাজ্যবাসী : সাদিন-প্ৰতিদিন গোষ্ঠীলৈ শুভেচ্ছাৰ বৰষুণ...