গণৰাজ্য দিৱসৰ পেৰেডত নাথাকিব অসমৰ প্ৰতীকপট !
গণৰাজ্য দিৱসৰ পেৰেডত নাথাকিব অসমৰ প্ৰতীকপট !

গণৰাজ্য দিৱসৰ পেৰেডত নাথাকিব অসমৰ প্ৰতীকপট !

ডিজিটেল ডেস্কঃ গণৰাজ্য দিৱসৰ পেৰেডত এইবাৰো অসমৰ প্ৰতীকপট প্ৰদৰ্শনক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। অসম চৰকাৰে অৱশ্যে এই পেৰেডত প্ৰদৰ্শনৰ বাবে ২০০ বছৰীয়া চাহৰ প্ৰতীকপটৰ প্ৰস্তাৱ কেন্দ্ৰলৈ প্ৰৰেণ কৰিছে। এই প্ৰস্তাৱ সন্দৰ্ভত এতিয়ালৈকে অসম চৰকাৰে কোনো নিশ্চয়তা লাভ কৰা নাই।

উল্লেখ্য যে, দিল্লীত কৰ্তব্য পথত গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ'ব দেশৰ প্ৰতীৰক্ষা, সুৰক্ষা আদি ক্ষেত্ৰৰে জৰিত সেনাকে ধৰি আন আন সুৰক্ষা বিভাগ সমূহৰ লগতে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ'ব।ইয়াৰ বাবে অসমে ২০০ বছৰীয়া চাহ উদ্যোগৰ প্ৰতীকপট প্ৰেৰণ কৰিছিল যদিও কেন্দ্ৰ চৰকাৰে এতিয়ালৈকে এই প্ৰতীকপটত অনুমোদন জনোৱা নাই।

এই সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, যোৱা বছৰ অসমৰ প্ৰতীকপট প্ৰদৰ্শিত হৈছিল। এইবাৰ যদি প্ৰদৰ্শিত নহয় তেন্তে ক'বলগীয়া নাই ৷ কাৰণ প্ৰতিখন ৰাজ্যই অংশগ্ৰহণ কৰাটো প্ৰয়োজন ৷ এইবছৰ নহ’লে অহাবছৰ হ'ব৷

গণৰাজ্য দিৱসৰ পেৰেডত নাথাকিব অসমৰ প্ৰতীকপট !
'ধেমাজি সাহিত্য সমাৰোহ-২০২৩' ৰ সামৰণিঃ 'ধেমাজি ৰত্ন', 'ধেমাজি গৌৰৱ বঁটা' প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in