'ধেমাজি সাহিত্য সমাৰোহ-২০২৩' ৰ সামৰণিঃ 'ধেমাজি ৰত্ন', 'ধেমাজি গৌৰৱ বঁটা' প্ৰদান

'ধেমাজি সাহিত্য সমাৰোহ-২০২৩' ৰ সামৰণিঃ 'ধেমাজি ৰত্ন', 'ধেমাজি গৌৰৱ বঁটা' প্ৰদান
'ধেমাজি সাহিত্য সমাৰোহ-২০২৩' ৰ সামৰণিঃ 'ধেমাজি ৰত্ন', 'ধেমাজি গৌৰৱ বঁটা' প্ৰদান

ডিজিটেল সংবাদ ধেমাজি: ''ধেমাজি জিলা সাহিত্য সভাই 'ধেমাজি সাহিত্য সমাৰোহ ২০২৩' অনুষ্ঠিত কৰি ধেমাজিলৈ সাহিত্য, সংস্কৃতি আদি ক্ষেত্ৰলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা দুজন বিশিষ্ট ব্যক্তিক 'ধেমাজি ৰত্ন' আৰু ধেমাজিলৈ গৌৰৱ কঢ়িয়াই অনা তিনিজন বিশিষ্ট ব্যক্তিক 'ধেমাজি গৌৰৱ বঁটা' প্ৰদান কৰি এক ইতিহাস সৃষ্টি কৰাই নহয় ধেমাজি অসমৰ সাহিত্য ক্ষেত্ৰখনক উজলি উঠিছে।'' এই মন্তব্য অসম সহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগ আৰু কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° জগদীশ পাটগিৰীৰ ৷

দেওবাৰে ধেমাজি সাহিত্য সমাৰোহ- ২০২৩ ৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁ কয় যে, এই বঁটাই পৰৱৰ্তী সময়ত ধেমাজিৰ সাহিত্যিক আৰু সমাজসংগঠকসকলক অনুপ্ৰেৰণা যোগাব ৷ ধেমাজি জিলা সাহিত্য সভা সভাপতি বিনোদ কুমাৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্বোধন কৰি ধেমাজি জিলা সাহিত্য সমাৰোহে ধেমাজি ৰত্ন আৰু ধেমাজি গৌৰৱ বঁটা প্ৰদানৰ কাৰ্য্য আদৰণীয় আৰু প্ৰশংসনীয় বুলি কয় ৷

ধেমাজি জিলা সাহিত্য সভাৰ শিল্পীসকলৰ দ্বাৰা উদ্বোধনী গীতৰ পাছতেই বন্তি প্রজ্বলন কৰে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ সভাৰ আঁত ধৰে ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক প্ৰেমানন্দ তালুকদাৰে ৷ সভাত অসম সাহিত্য সভাৰ উপ-সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে সন্মানীয় অতিথি হিচাপে, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰশান্ত ভাগৱতী, কুঁহি উপসমিতিৰ কাৰ্যকৰী সভাপতি উষা বৰগোহাঁই, ধেমাজি জিলা সাহিত্য সভাৰ উপসভাপতি ৰনজিতৰনজি চিৰিং, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দিপক শৰ্মা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিকাশ মিছং, অনিমেষ ভাগৱতী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মা আৰু কমলজিৎ দত্তই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

মুকলি সভাত ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে গজেন টাইড, নন্দেশ্বৰ দেউৰী, তিলেন গগৈ, পৱন চুতীয়া, বিমল ৰাজখোৱা, নন্দেশ্বৰ বৰগোহাঁইক সম্বৰ্ধনা জনোৱা জনায় ৷ সভাত সমাজকৰ্মী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক বৰগোহাঁই, ধেমাজিৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ বগেন গগৈ, ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত শিক্ষাবিদ সাহিত্যিক বিনীতা চৌধুৰী গাৰোডিয়া, নিবেদিতা বড়া সন্দিকৈ, শিক্ষক তথা সাহিত্যিক ৰুক্মিণী বৰগোহাঁই দত্ত, কবি তথা লেখক বাবুল গগৈ, বৰদলনিৰ সন্তান লখিমপুৰৰ বিশিষ্ট সমাজকৰ্মী ৰেভ উইলিয়াম কলেজৰ পৰিচালন সঞ্চালক লক্ষীনাৰায়ন চুতীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ আজিৰ সভাতেই ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধেমাজি জিলাখনৰ ভিতৰত শীৰ্ষস্থান দখল কৰা গোগামুখ খ্ৰাইষ্ট কিং স্কুলৰ ছাত্ৰ ৰজত ঘোষ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমীয়া বিভাগত সৰ্বাধিক নম্বৰ লাভ কৰা মেঘালীনা ফুকনক কৃৰ্তত্বসূচক বঁটা প্ৰদান কৰা হয় ৷

ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিতৃস্ত কাৰ্য্যসূচীৰ দেওবাৰে শেষদিনাৰ ধেমাজি সাহিত্য সমাৰোহ -২০২৩ ৰ মুকলি সভাত উমেশ চেতিয়া, চুচেন ভিতৰুৱাল কোঁৱৰক "ধেমাজি ৰত্ন” আৰু ড° পৰমানন্দ সোনোৱাল, নবীন কামান, ৰাতুল বৰগোহাঁইক “ধেমাজি গৌৰৱ” বঁটা প্রদান হয় ৷

দেওবাৰে পুৱা ৮.০০ বজাত সামূহিক চাফাইৰ পাছতেই পুৱা ৮.৩০ বজাত পতাকা উত্তোলন কৰে ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈয়ে ৷ পুৱা ৯.০০ বজাত বন্তি প্রজ্বলন কৰে অসম সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ কাৰ্যকৰী সভাপতি উষা বৰগোহাঁইয়ে ।

৯:২০ বজাত স্মৃতি তর্পন মুকলি কৰে অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য প্রশান্ত ভাগৱতীয়ে ৷ পুৱা ১০.০০ বজাত সাহিত্যিক, বিশিষ্ট ব্যক্তিৰে অন্তৰংগ আলাপ আৰু সম্বর্ধনা অনুষ্ঠানৰ আঁত ধৰে কবি, সাহিত্যিক তথা খণ্ড উন্নয়ন বিষয়া নবীন কামানে ৷ বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত কনকলতা গগৈৰ 'জোনাক নামি আহিল ধৰাৰ বুকুলে' নামৰ কবিতা পুথিখন ধেমাজি জিলা সাহিত্য সভাৰ উপ-সভাপতি ৰনজিত চিৰিঙে উন্মোচন কৰে ৷

বিনোদ কুমাৰ গগৈৰ নৱতম গ্ৰন্থ 'ৰাজ যোগ আৰু সমাজসেৱা' উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ সভাপতি ডা° গিৰিশ সন্দিকৈয়ে ৷ ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰেমানন্দ তালুকদাৰৰ গ্ৰন্থ 'ভাষাৰ সংকত' উন্মোচন কৰে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে। প্ৰমোদ সন্দিকৈৰ 'মৰা শামুকৰ খোলা' নামৰ গল্প সংকলনখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰেয়ে ৷

মুকলি সভাত তাইকৃষ্টি আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনৰ লগতে আমন্ত্রিত শিল্পীসকলৰ দ্বাৰা বৰ্ণাঢ্য সাস্কৃতিক অনুষ্ঠান পৰিৱেশন হয় ৷ অনুষ্ঠানত ড° জগদীশ পাটগিৰিয়ে পাঠ কৰা কবিতা আৰু নবীন কামানে ধেমাজিকলৈ লিখি পাঠ কৰা কবিতাই উপস্থিত সকলোকে আলপ্লুত কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in