১০ বছৰৰ পাছত অসমে টেবুল টেনিছত থকা পূৰ্বৰ গৰিমা ঘূৰাই পাইছে: মন্ত্ৰী হাজৰীকা

১০ বছৰৰ পাছত অসমে টেবুল টেনিছত থকা পূৰ্বৰ গৰিমা ঘূৰাই পাইছে: মন্ত্ৰী হাজৰীকা

author-image
asomiyapratidin
New Update
১০ বছৰৰ পাছত অসমে টেবুল টেনিছত থকা পূৰ্বৰ গৰিমা ঘূৰাই পাইছে: মন্ত্ৰী হাজৰীকা

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীযুষ হাজৰীকাই দেওবাৰে দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত এক অনুষ্ঠানত ২০২২ বৰ্ষৰ চাব-জুনিঅ'ৰ শাখাত টেবুল টেনিছৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ বিজয়ী অসমৰ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যক সম্বৰ্ধনা জ্ঞাপন কৰে ।

Advertisment

অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় ১০ বছৰমানৰ পাছত অসমত পুনৰ টেবুল টেনিছে ইয়াৰ পূৰ্বৰ গৰিমা ঘূৰাই পাবলৈ সক্ষম হৈছে | এসময়ত এই খেলবিধত অসমৰ খেলুৱৈয়ে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে শেহতীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰাত অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখন পুনৰ উজ্জীৱিত হৈ পৰিছে |

আনহাতে অসম টেবুল টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা অসমত কলিকতাৰ প্ৰশিক্ষক শুভ্ৰজিত সাহাৰ তত্বাৱধানত এক প্ৰশিক্ষণ কাৰ্যসূচীৰো আৰম্ভ হোৱা বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে | আজিৰ অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যক শুভেচ্ছা জনোৱাৰ লগতে অসম টেবুল টেনিছ সন্থাৰ তৰফৰ পৰা দুই লাখ টকাৰ চেক প্ৰদান কৰে |

লগতে তেঁও অনাগত সময়ত অসমৰ খেলুৱৈ সকলে দেশ বিদেশত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলিও আশা প্ৰকাশ কৰে | আনহাতে অনাগত সময়ত অসমৰ টেবুল টেনিছ ক্ষেত্ৰখনক অধিক উজ্জীৱিত কৰিবৰ বাবে চীন দেশৰ পৰাও প্ৰশিক্ষক অনাৰ কথা চিন্তা কৰি থকা বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে |

আজিৰ অনুষ্ঠানত আঠবাৰকৈ ৰাষ্ট্ৰীয় টেবুল টেনিছৰ চেম্পিয়ন খেলুৱৈ কমলেশ মেহটা, অসমৰ অৰ্জুন বঁটাপ্ৰাপ্ত খেলুৱৈ মনালিছা মেহটাৰ লগতে অসম টেবুল টেনিছ সন্থাৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল |

আৰু পঢ়ক: ভাল খবৰ! কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত দীৰ্ঘ বিৰতিৰ মুৰত আৰম্ভ হ'ল সৰ্পদংশনৰ চিকিৎসা…

assam pijus hazarika