ভাল খবৰ! কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত দীৰ্ঘ বিৰতিৰ মুৰত আৰম্ভ হ’ল সৰ্পদংশনৰ চিকিৎসা…

ভাল খবৰ! কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত দীৰ্ঘ বিৰতিৰ মুৰত আৰম্ভ হ’ল সৰ্পদংশনৰ চিকিৎসা…

ডিজিটেল সংবাদ, কোকৰাঝাৰ :- চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব উন্নয়নৰ পিছতো ২০০ বিছনাযুক্ত কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয়ত আৰম্ভ হোৱা নাছিল সৰ্প দংশনৰ চিকিৎসা । কোকৰাঝাৰ জিলাৰ মূল চিকিৎসালয়তে সৰ্প দংশনৰ চিকিৎসা উপলদ্ধ নোহোৱাত প্ৰতি বছৰে সৰ্পদংশন কৰা লোকসকল আহুকালৰ সন্মুখীন হৈছিল আৰু ইয়াৰে কিছুমানে অকালতে মৃত্যুমুখত পৰিছিল ।

ইয়াকে লৈ মাজে সময়ে চিকিৎসকৰ সতে অভিভাৱকৰ বাক -বিতণ্ডাৰ সৃষ্টি হৈছিল যদিও সৰ্প দংশন কৰা লোকক তৎসত্বেও কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ৰ চিকিৎসকে বিভিন্ন অজুহাত দেখুৱাই অইন চিকিৎসালয়লৈ ৰেফাৰ কৰিছিল । সৰ্প দংশনত আক্ৰান্ত লোক এজনৰ বাবে যিহেতু সময় বৰ মূল্যবান সম্পদ সেয়েহে পূৰ্বতে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত সৰ্প দংশন কৰা লোক এজনক ভৰ্তি কৰাৰ পৰা আৰম্ভ কৰি ৰেফাৰ কৰালৈকে ভালেখিনি সময় অবাবতে নষ্ট হৈছিল আৰু যাৰ পৰিণতিতে ইয়াৰে কিছুমানে কৰুণ মৃত্যুক সাৱটি লৈছিল । কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ চৰাইখোলাৰ কণমানি শিশু এটিও এনে এক কৰুণ পৰিস্থিতিতে মৃত্যু হৈছিল ।


এনে এক পৰিস্থিতিৰ মাজতে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে এন্টিস্নেক ভেনম চিকিৎসা সফলতাৰে আৰম্ভ হৈছে । প্ৰকৃততে ২০০ আসনযুক্ত জিলাৰ মূল চিকিৎসালয়ত সৰ্প দংশনৰ চিকিৎসা নকৰা বিষয়টো জনসাধাৰণৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু বিষয়টোৰ গুৰুত্ব উপলদ্ধি কৰি যোৱা পৰহি কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ৰ অধীক্ষক ড° এ.এচ শৰ্মাৰ উদ্যোগত সকলো চিকিৎসকক লৈ এক বৈঠক সম্পন্ন হয় ।

উক্ত বৈঠকত কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত এতিয়াৰে পৰা সৰ্প দংশনৰ চিকিৎসা কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হয় আৰু সাপে খোটা ৰোগী আহিলেই সকলোৱেই সহযোগিতাৰ বাবে চিকিৎসালয়ত উপস্থিত হ'ব বুলি সিদ্ধান্ত লোৱা হয় । সৰ্প দংশনৰ চিকিৎসাৰ যাৱতীয় প্ৰটোকল অসমৰ সৰ্পদংশনৰ বিশেষজ্ঞ চিকিৎসক ডিমৌৰ সুৰজিৎ গিৰিৰ পৰা অনা হয় আৰু সেইমৰ্মে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ৰ চিকিৎসকসকল সৰ্প দংশনত আক্ৰান্ত হোৱা লোকসকলক চিকিৎসাৰ বাবে ২৪ ঘণ্টাই সাজু হৈ থাকে ।

উক্ত বৈঠকৰ এদিন পিছতে অৰ্থাৎ শনিবাৰে কোকৰাঝাৰ মেডিকেল কলেজ চৌহদত ঠিকাভিত্তিক শ্ৰমিক হিচাপে কাম কৰা ১ নং ভূমকি , ছালাকাটিৰ জেল হক আলি (৫০)ক বিষাক্ত সাপে দংশন কৰে । লগে লগে জেল হক আলিক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু সেইসময়ত কৰ্তব্যত থকা চিকিৎসক পি কে দলেই হস্পিতালৰ অধীক্ষকক বিষয়টো অৱগত কৰে । অধীক্ষক ড° এ.এচ শৰ্মাই বিষয়টো জেষ্ঠ্য বিশেষজ্ঞ চিকিৎসক এচ চি ৰাভা সহিতে আন চিকিৎসক সকলক অৱগত কৰে আৰু অতি কম সময়ৰ ভিতৰতে সকলোৱেই ৰোগীৰ কাষত থিয় হয় ।

সম্পূৰ্ণ এণ্টিস্নেক ভেনম প্ৰটোকল মানি লৈ বিষাক্ত ফেঁটী সাপে দংশন কৰা জেল হক আলিক এণ্টিস্নেক ভেনম বেজী দিয়া আৰম্ভ কৰে চিকিৎসকৰ দলটিয়ে । লাহে লাহে ৰোগীৰ অৱস্থা ভাললৈ আহিবলৈ ধৰে আৰু সৰ্প দংশনৰ ফলত মৃতপ্ৰায় ৰোগী এগৰাকী সম্পূৰ্ণৰূপে সুস্থ্য হৈ উঠাত চিকিৎসৰ দলটিয়ে স্বস্থিৰ নিশ্বাস পেলায় । ইপিনে ৰোগী জেল হক আলি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাত আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ।

চিকিৎসালয় এৰাৰ পূৰ্বে জেল হক আলিয়ে কয় যে কাম কৰি থাকোতে হঠাতে তেওঁক ফেঁটী সাপে সোঁহাতত দংশন কৰে । ক্ষন্তেক পিছতে তেওঁ তদ্ৰাচ্ছন্ন হবলৈ ধৰে আৰু তেওঁক চিকিৎসালয়লৈ অনা হয় । কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত সমুহ চিকিৎসক -নাৰ্ছৰ সেৱাক ভূয়সী প্ৰশংসা কৰি জেল হক আলিয়ে তেওঁক নৱজীৱন দিয়াৰ বাবে চিকিৎসালয়ৰ সমুহ চিকিৎসক -নাৰ্ছৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

ইপিনে দেওবাৰে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ৰ অধীক্ষক ড° এ এচ শৰ্মাই এতিয়াৰে পৰা কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ২৪ ঘণ্টাই সৰ্প দংশনত আক্ৰান্ত লোকে চিকিৎসা সেৱা লাভ কৰিব বুলি সদৰি কৰিছে । কোনো ব্যক্তিক সাপে কামুৰিলে বেজ – কবিৰাজৰ ওচৰলৈ নিয়াৰ পৰিবৰ্তে সময় নষ্ট নকৰাকৈ চিকিৎসালয়লৈ আনিবলৈ আহ্বান জনাইছে ড° এ এচ শৰ্মাই । সৰ্প দংশনৰ ফলত প্ৰতিবছৰে কোকৰাঝাৰত কেবাজনকৈ লোকে মৃত্যুক সাৱটি লোৱাৰ পিছত কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত সৰ্প দংশনৰ চিকিৎসা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাটো জিলাখনৰ বাবে সুখবৰ বুলিয়ে কব পাৰি ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in