গৰৈমাৰীত 'আমাৰ প্ৰয়াস' গোষ্ঠীৰ ধপাত বিৰোধী প্ৰচাৰ অভিযান

ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ আঁচনিৰ অধীনত জিলা ধপাত নিয়ন্ত্ৰণ কোষ, কামৰূপৰ উদ্যোগত অগ্ৰণী বেচৰকাৰী সংস্থা 'আমাৰ প্ৰয়াস' গোষ্ঠীৰ ধপাত বিৰোধী প্ৰচাৰ অভিযান ।

author-image
Asomiya Pratidin
New Update
গৰৈমাৰীত 'আমাৰ প্ৰয়াস' গোষ্ঠীৰ ধপাত বিৰোধী প্ৰচাৰ অভিযান

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ নৱগঠিত ছমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ গৰৈমাৰী অঞ্চলত শনিবাৰে 'আমাৰ প্ৰয়াস' গোষ্ঠী নামৰ বেচৰকাৰী সংস্থাটোৱে লাউডস্পীকাৰৰ জৰিয়তে ধপাত বিৰোধী প্ৰচাৰ অভিযান চলায়৷

Advertisment

উল্লেখ্য যে ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ আঁচনিৰ অধীনত জিলা ধপাত নিয়ন্ত্ৰণ কোষ, কামৰূপৰ উদ্যোগত অগ্ৰণী বেচৰকাৰী সংস্থা 'আমাৰ প্ৰয়াস' গোষ্ঠীয়ে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বাহনত লাউডস্পীকাৰ স্থাপন কৰি গৰৈমাৰী, টুক্ৰাপাৰা, মহিমাৰী, শিঙিমাৰী, চৌতাৰা, চৌধুৰীপাম, চাম্পুপাৰা, ভাউৰীয়াভিঠা, লাৰুৱাজান আদি বিভিন্ন গাঁৱত ধপাত বিৰোধী সজাগতামূলক প্ৰচাৰ অভিযান চলায় ৷

ইপিনে বেচৰকাৰী সংস্থা আমাৰ প্ৰয়াস গোষ্ঠীৰ খণ্ড সমন্বয়ক ৰফিকুল ইছলাম, আনোৱাৰ হুছেইন (কনিষ্ঠ) আৰু গীতাৰাণী মণ্ডলে ধপাত ব্যৱহাৰৰ ক্ষতিকাৰক দিশসমূহ, ধপাত নিয়ন্ত্ৰণ আইন ২০০৩, ধপাত নিয়ন্ত্ৰণৰ বাবে জানিবলগীয়া তথ্যাদি সম্পৰ্কে লাউডস্পীকাৰযোগে প্ৰচাৰ কৰাৰ লগতে প্ৰচাৰ পত্ৰিকাও বিতৰণ কৰে৷ ধপাত বিৰোধী প্ৰচাৰ অভিযানকালত সংস্থাটোৱে পথচাৰী-ৰাইজৰ সমৰ্থন পাবলৈ সক্ষম হয়৷

Also Read: ধিং মহাবিদ্যালয়ৰ ৫৯ সংখ্যক মহাবিদ্যালয় সপ্তাহ সমাৰোহ আৰম্ভ...

goroimari tabacoo campaign