ধিং মহাবিদ্যালয়ৰ ৫৯ সংখ্যক মহাবিদ্যালয় সপ্তাহ সমাৰোহ আৰম্ভ...

ধিং মহাবিদ্যালয়ৰ ৫৯ সংখ্যক মহাবিদ্যালয় সপ্তাহ সমাৰোহ আৰম্ভ...
ধিং মহাবিদ্যালয়ৰ ৫৯ সংখ্যক মহাবিদ্যালয় সপ্তাহ সমাৰোহ আৰম্ভ...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ধিং মহাবিদ্যালয়ত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৫৯ সংখ্যক মহাবিদ্যালয় সপ্তাহ সমাৰোহ। কাৰ্যসূচী অনুসৰি আজি পুৱা ৯ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড০ বিমান হাজৰিকাই।

মহাবিদ্যালয়ৰ এন এছ এছ (NSS) গোটৰ তত্বাৱধায়ক শিক্ষক ড০ মুকুট মনি শইকীয়া, সাংস্কৃতিক বিভাগৰ তত্বাৱধায়ক ডম্বৰুধৰ কাকতি, আভ্যন্তৰীণ মান নিশ্চিত কোষৰ তত্ত্বাৱধায়ক ড০ পংকজ শইকীয়াকে আদি কৰি অধ্যাপক, অধ্যাপিকাসকলৰ উপস্থিতিত শ্বহীদ তৰ্পণ কৰে উপাধ্যক্ষা ড০ স্নিগ্ধা মহন্তই। ইয়াৰ পিছত গুৰু আৰু লঘু ক্ৰীড়া বিভাগৰ দৌৰ, ৰিলে, ৰে'চ, ডিচকাচ, জেভলিন, শ্বট পুট প্ৰতিযোগিতাৰ উপৰিও কেৰম, টেবল টেনিচ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইফালে ১০ বজাত মহাবিদ্যালয়ৰ চোতালত গ্ৰন্থমেলা আৰু মহিলা কোষৰ উদ্যোগত স্থানীয় মহিলা আত্মসহায়ক গোটৰ বিপনী মুকলি কৰা হয়। আনহাতে মহাবিদ্যালয়ৰ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত লোক নৃত্য, সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্য প্ৰতিযোগিতাৰ লগতে মহাবিদ্যালয়ৰ আলোচনা কক্ষত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাংবাদিক দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰা আকৰ্ষণীয় কুইজ প্ৰতিযোগিতাখনিত তৰ্ক বিভাগৰ তত্বাৱধায়ক ৰূপম বৰা, ড০ নৱনীতা বৈশ্য, অজিত শৰ্মা, বিমান দলে, কংকনা শৰ্মা, অনিতা বিশ্বকৰ্মা, ড০ চৈয়দা উম্মে তছনিমকে আদি কৰি কেইবাগৰাকী অধ্যাপক অধ্যাপিকা উপস্থিত থাকে।

ইফালে অহা ৫ ফেব্ৰুৱাৰীত পুৱাৰ পৰা হাই জাম্প, লং জাম্প, ভলীবল, ডবা, বেডমিণ্টনৰ লগতে কেশ সজ্জা, মেহেন্দী, অংগ সজ্জা, আল্পনা, মিউজিকেল চেয়াৰ, পাৰ পুখুৰীৰ উপৰিও বৰগীত, লোকগীত, জ্যোতি সংগীত, ৰাভা সংগীত, ৰবীন্দ্ৰ সঙ্গীত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, ভূপেন হাজৰিকাৰ গীত, বিহুগীত, জিকিৰ আদি প্ৰতিযোগিতা অনুষ্ঠিত হব। ১২ বজাত চিত্ৰাংকন, ৰচনা, কবিতা, গল্প প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

উল্লেখযোগ্য যে, মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ সামৰণি তথা ৭ ফেব্ৰুৱাৰীৰ সন্ধ্যা "মই এটি দিনৰ জোনাকী" শীৰ্ষক এখনি নাটক পৰিবেশ কৰিব নগাঁৱৰ নিবেদন নাট্যগোষ্ঠীয়ে।

ধিং মহাবিদ্যালয়ৰ ৫৯ সংখ্যক মহাবিদ্যালয় সপ্তাহ সমাৰোহ আৰম্ভ...
মণিৰাম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in