/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a1b83c72-6eed-4d7c-80a0-04e465b7c1df/499.jpg)
ডিজিটেল সংবাদ,বিহালী : শংকৰদেৱ-মাধৱদেৱ গুৰু দুজনাৰ সৃষ্ট নাট্যধাৰাৰ বাহক অসমৰ নাট্যকৰ্মী আৰু নাট্যানুৰাগীৰ সৰ্ববৃহৎ মহাসভা তথা অসমৰ অন্যতম জাতীয় সংগঠন অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ ১৮ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আৰু পুৰ্ণাঙ্গ নাট সমাৰোহখন তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে।
অসম নাট্য সন্মিলনৰ বিশ্বনাথ জিলাৰ সৌজন্যত আৰু বিশ্বনাথ চাৰিআলি শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীত পুৱা তোৰণ উন্মোচনৰ লগতে স্বৰ্ণপীঠ মণ্ডলৰ পতাকা উত্তোলন কৰে। অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ পতাকা উত্তোলন কৰে সভাপতি হিৰণ্য হাজৰিকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f7170578-c926-43d0-aff9-adff07affd74/361da87f_0130_40bd_a4d0_6a33edc51c41.jpg)
আদৰণি সমিতিৰ পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ সভাপতি তথা বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। লগতে শাখাৰ সভাপতি আৰু শাখাৰ পতাকা প্রতিখন জিলাৰ সভাপতি তথা স্থানীয় বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা সর্বমুঠ ৬২ খন পতাকা উত্তোলন কৰা হয়।
অনুষ্ঠানত ২৫১ গৰাকী মহিলাই অসম নাট্য সম্মিলনৰ পতাকা উত্তোলনৰ গীত পৰিবেশন কৰে। ইয়াৰ পিছতে প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন কৰে জেষ্ঠ্য সাংবাদিক নিৰঞ্জন হাজৰিকাই। ইফালে আজি নিশালৈ অনুষ্ঠিত হয় পূৰ্ণাংগ নাট প্ৰতিযোগিতা।
Also Read: বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত অভিশপ্ত দিনৰ স্মৃতি ৰোমন্থন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us