বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত অভিশপ্ত দিনৰ স্মৃতি ৰোমন্থন

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত অভিশপ্ত দিনৰ স্মৃতি ৰোমন্থন

ডিজিটেল সংবাদ,বিহালী : সমগ্ৰ বিশ্ব মানৱে মানুহ আৰু মানৱতাৰ জয়গান আওৰাই অহাৰ সময়তো মানৱৰ হাতত লুণ্ঠন হৈছে মানৱতা। বধ্যভূমিত পৰিণত হৈছে মানুহৰ পৃথিৱী ৷ এচাম নৰপিশাচে নিৰীহৰ কেঁচাতেজৰ ফাঁকুখেলি পৈশাচিক আনন্দৰ কিৰিলি পাৰিছে ৷

সেয়া আছিল ২৩ ডিচেম্বৰ ২০১৪ ৷ সেইদিনা বেলি মাৰ যোৱাৰ পৰত বিশ্বনাথৰ তিনিসুঁতিৰ ফুলবাৰী অঞ্চলত বৈ গৈছিল সীমান্তবাসী অসমীয়াৰ তেজৰ নৈ ৷ নিশাৰ এন্ধাৰ সুযোগলৈ সন্ত্ৰাসবাদী সংগঠন এনডিএফবি ছংবিজিত গোটৰ এটা দলে বিশ্বনাথৰ সোনাজুলী,ফুলবাৰী,শামুকজুলী আৰু তিনিসুঁতিত অঞ্চলত অতি নিৰ্মমভাৱে মানৱতা ভূ-লুন্ঠিত কৰি এটি নিস্পাপ ৬ মহীয়া কনমানি দেৱশিশুসহ মুঠ ৩০ গৰাকী নিৰীহ আদিবাসী সম্প্ৰদায়ৰ খাটিখোৱা অসমীয়া লোকক হত্যা কৰিছিল ৷

যি ঘটনাৰ খবৰে সমগ্ৰ দেশৰ জন-জীৱন জোকাৰি গৈছিল ৷ ঘটনাটো ৰাষ্ট্ৰ হৈ পৰাৰ লগে-লগে লোকেলোকাৰণ্য হৈ পৰিছিল বিশ্বনাথ ফুলবাৰী ৷ যি সময়ত বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত নিৰীহৰ তেজৰ নৈ বৈছিল সেই সময়ত ঘটনাৰ বুজ ল'বলৈ ৰাজ্যৰ আমোলা-বিষয়াৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়কৰ সোঁত বৈছিল ৷

আত্মীয়, বুকুৰ কুটুম্বক অকাৰণতে হেৰুৱাই শোকত ম্ৰিয়মান সাধাৰণ লোককসকলক ৰজা ঘৰে প্ৰদান কৰিছিল বহু প্ৰতিশ্ৰুতি ৷ অঞ্চলটোৰ বাট-ঘাট,খোৱাপানী,স্বাস্থ্য সেৱা,জীৱন-সম্পতিৰ নিৰাপত্তা সু-নিশ্চিত কৰাকে আদি কৰি বহু সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল বৰমূৰীয়াসকলে ৷

কিন্তু সময়ৰ সোঁতত যেন সকলো প্ৰকাণ্ড শূণ্যত পৰিণত হ'ল ৷ সময়ৰ সোঁতত অঞ্চলটোৰ কিছু পৰিমাণে বাট-ঘাট সুচল হ'ল ,এখন প্ৰাথমিক বিদ্যালয়ো নিৰ্মাণ হ'ল, নাগৰিকৰ জীৱন-সম্পতি নিৰাপত্তাৰ নামত সেনা-আৰক্ষীৰ চাউনি পতা হ'ল ৷ পিছে জনসাধাৰণৰ জীৱন-সম্পতি সুৰক্ষা প্ৰদানৰ বাবে নিয়োজিত আৰক্ষী-সেনাৰ চাউনিৰ অৱস্থা পুতৌজন হৈ ৰ'ল ৷

অতি পৰিতাৰ বিষয় যে, সীমান্ত অঞ্চলত বসবাস কৰি সীমান্ত প্ৰহৰী স্বৰূপে সীমা সুৰক্ষা প্ৰদান কৰি অহা ভূমিহীন খিলঞ্জীয়া লোক সকলক ৰাজ্য চৰকাৰ প্ৰশাসনে অতি প্ৰয়োজনীয় বিদ্যুৎ সেৱা, স্বাস্থ্য সেৱা, বিশুদ্ধ খোৱাপানী ব্যৱস্থা, শিক্ষা ব্যৱস্থা আজিকোপতি কৰি দিবলৈ আহৰি নাপালে ৷ আজিৰ দিনটোত সম্পূৰ্ণ হ'ল সেই অসমীয়া নিধন যজ্ঞৰ ৯ বছৰ কাল ৷

অকালতে অকাৰণতে সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত নিহত সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ফুলবাৰীত বিগত কেইবছৰৰ দৰে এইবাৰো অভিশপ্ত ২৩ ডিচেম্বৰ দিনটোক স্মৰণ কৰে। সেই উদেশ্যৰে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সোনাজুলী আঞ্চলিক সমিতিৰ সহযোগত অসম- অৰুণাচলী সীমান্তভূমিত অনুষ্ঠিত ''নৱম বাৰ্ষিক স্মৃতি দিৱস'' অনুষ্ঠিত হয় ৷

সভাত উপস্থিত থাকে তেজপুৰৰ প্ৰাক্তণ সাংসদ ৰামপ্ৰসাদ শৰ্মা ,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিশ্বনাথৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা,বিহালীৰ যুৱ সমাজসেৱী প্ৰেমলাল গঞ্জু ,বিশ্বনাথৰ সমাজসেৱী ড° ৰঞ্জন গগৈ,বিশ্বনাথ জিলা সংগ্ৰামী যুৱ পৰিষদ,আছু, অসম জাতীয় পৰিষদৰ কেন্দ্ৰী সমিতিৰ যুটীয়া সম্পাদক দুলদুল বৰকটকীকে আদি কৰি গণ্যমাণ্য লোক ৷ অৱশ্যে সন্ত্ৰাসবাদী সংগঠন এন ডিএফ বিৰ ছংবিজিত গোটে বধ্যভূমিত পৰিণত কৰা ফুলবাৰীৰ স্মৃতিচাৰণ সভালৈ বিশ্বনাথৰ আয়ুক্তগৰাকী উপস্থিত নোহোৱাত উদ্যোক্তাসকলে দুখ প্ৰকাশ কৰে ৷

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত অভিশপ্ত দিনৰ স্মৃতি ৰোমন্থন
কবি ৰূপালী বসুমতাৰীৰ কাব্য সংকলন উন্মোচনৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in