/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1ea27151-7bab-42cd-8a1d-280ccdf1a605/AP_FOR_WEB_hagrama.jpg)
ডিজিটেল ডেস্ক : হাগ্ৰামা মহিলাৰী। অসম তথা বড়োলেণ্ডৰ ৰাজনৈতিক ক্ষেত্ৰত এটি চৰ্চিত নাম। নিৰ্বাচনী বতৰ নাইবা ক্ষমতাত থকাৰ সময় অথবা সম্প্ৰতি ক্ষমতাত নথকাৰ সময়তো বেচ চৰ্চাত থকা এগৰাকী ব্যক্তি। হাগ্ৰামা মহিলাৰী বুলি ক'লে সতেতে মনলৈ অহা ধাৰণা হৈছে এগৰাকী ৰাজনৈতিক নেতা অথবা একালৰ বিপ্লৱী সৈনিকৰ ছবি। কিন্তু এগৰাকী ব্যক্তিৰো আছে বহু অলিখিত কাহিনী।
এইগৰাকী হাগ্ৰামা মহিলাৰীৰ শৈশৱ-সংগীত-সংগ্ৰামৰ দিশকেইটা চুই যোৱাৰ হেপাঁহেৰে বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠা সাংবাদিক স্বপ্না বেজবৰুৱাই ৰচনা কৰিছে এখন গ্ৰন্থ। গ্ৰন্থখনৰ নাম হৈছে 'হাগ্ৰামা মহিলাৰী,শৈশৱ-সংগীত-সংগ্ৰামৰ মাজেৰে।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a0289518-9682-4e74-a890-35907928d6b0/b78ab2cb_5217_48b8_a410_a685a57562b7.jpg)
পবিত্ৰ বৰদিনৰ উপলক্ষত সোমবাৰে গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত গ্ৰন্থখনি উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট সাহিত্যিক-গৱেষক পদ্মশ্ৰী মঙ্গল সিং হাজোৱাৰীয়ে। উন্মোচনত সহায় কৰে অনুষ্ঠানৰ বিশিষ্ট অতিথি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো, জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, ড০ ৰাণী মুদিয়াৰ ডেকা আৰু বিধায়ক দূৰ্গা দাস বড়োৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/759d426a-76a8-4c7d-9c10-fe252ec4ae50/13b2c092_2a3e_406c_b142_4c8e878c06a0.jpg)
উন্মোচনী ভাষণত পদ্মশ্ৰী মঙ্গল সিং হাজোৱাৰীয়ে গ্ৰন্থখনৰ স্ৰষ্টা স্বপ্না বেজবৰুৱাৰ সাহিত্য কৃতিৰ শলাগ লয়। তেওঁ কয়- এই গ্ৰন্থখনত হাগ্ৰামা মহিলাৰীৰ জীৱনী সংক্ৰান্তীয় কিতাপ উন্মোচনত উন্মোচক হিচাপে আমন্ত্ৰিত কৰাৰ কাৰণে গ্ৰন্থখনৰ ৰচক স্বপ্না বেজবৰুৱা আৰু প্ৰকাশকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গ্ৰন্থখনত মহিলাৰীৰ বহু কথা প্ৰকাশ পাইছে। অৱশ্যে আৰু বহু কথাই প্ৰকাশ পাবলগীয়া আছে। সেয়ে পৰৱৰ্তী সংস্কৰণত প্ৰকাশ পাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ড০ ৰাণী মুদিয়াৰ ডেকা কয়- ৰাজনীতি মই বৰ ভাল নাপাওঁ। ভাল নাপাওঁ বুলি ক'লেও কেতিয়াবা কিছুমান কথাৰ ভিতৰত আমি সোমাই পৰোঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fc6695ff-1ab9-4ca0-b68e-e6c77b8840dd/007f7d91_c4b3_4276_bf8d_5e058c247dac.jpg)
ৰাজনীতি জীৱনৰ এটা অংগ। ৰাজনীতিক বাদ দি জীৱন পূৰ নহয়। কিন্তু সেই হাগ্ৰামা মহিলাৰী মানুহজনৰ প্ৰতি কিবা এটা আকৰ্ষণ আছে। আ্ৰকৰ্ষণ আছে তেওঁৰ সৰলতাৰ প্ৰতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a4463750-a303-4eed-b04f-f56fbe2463d3/ce14211c_554c_4bd2_93a6_846a8125d00a.jpg)
হাগ্ৰামাৰ সেই স্বভাৱসুলভ উক্তিটো তেওঁ উল্লেখ কৰি কয়- "মই একো নাজানে।" হাগ্ৰামাৰ এই বিশেষ উক্তিটো ড০ ৰাণী মুদিয়াৰ ডেকাৰ বৰ ভাল লাগে বুলি উল্লেখ কৰে। এই উক্তিটোতে তেওঁৰ সৰলতা প্ৰকাশ পাই বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে।
আনহাতে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে হাগ্ৰামাৰ লগত কিদৰে অতিবাহিত কৰিছিল তেওঁ সম্পৰ্কে বক্তব্য দাঙি ধৰে। তেওঁ কয়- হাগ্ৰামা এগৰাকী সৎ মানুহ। তেওঁ এটা উচ্চ শিক্ষিত পৰিয়ালত জন্মগ্ৰহণ কৰা লোক। হাগ্ৰামাৰ লগত বহু সময়ত বিভিন্ন উন্নয়নমূলক আলোচনা কৰিছোঁ। বড়োলেণ্ডত তেওঁৰ নেতৃত্বতে ভালেখিনি উন্নয়ন হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/5e677aaa-58b2-4fc1-b504-8307a4e82071/68acaf8a_d97f_4f0e_bbc3_fb89bd1aa57d.jpg)
ইয়াৰোপৰি বড়ো ভাষাক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত হাগ্ৰামাৰ অৱদান তথা সেই সময়ত তেওঁলোকৰ গোটৰ অৱদান সন্দৰ্ভতো বিস্তৃত ব্যাখ্যা আগবঢ়ায়। উক্ত গ্ৰন্থখনে হাগ্ৰামাৰ কেইটিমান দিশহে চুই গৈছে। এনে বহু দিশ ৰাইজে জানিবলৈ বহু বাকী বুলি সাহিত্যকগৰাকীয়ে উল্লেখ কৰে। অসম আন্দোলন, নিখিল বড়ো ছাত্ৰ সন্থা আদিৰ সম্পৰ্কেও তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a52dc55a-cfa0-4d47-889c-46ea478b16c6/a9132ece_3a57_4423_9946_954f03b521c0.jpg)
ইফালে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কয়- হাগ্ৰামাৰ লগত মোৰ দেখা সাক্ষাৎ আজিলৈকে হোৱা নাই। ফ'নতো তেনেকৈ কথা-বতৰা পাতি পোৱা নাই। আনবোৰ ৰাজনৈতিক নিৰীক্ষণ কৰাৰ দৰে হাগ্ৰামাকো দূৰৈৰ পৰাই নিৰীক্ষণ কৰিছোঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6ca96156-f45e-4d1b-83db-7253a538b54d/288ae53e_6b54_4e50_8662_970a505cadfc.jpg)
লগতে তেওঁ গ্ৰন্থখন সম্পৰ্কে কয় যে, এই গ্ৰন্থখনত হাগ্ৰামাৰ ল'ৰালিৰ কথা আছে। সামগ্ৰিকভাৱে প্ৰায়খনি কথাই গ্ৰন্থখনত আছে। ইয়াৰোপৰি তেওঁ কয়- যিমান চুক্তি আন্দোলনৰ জড়িয়তে অসমত সম্পাদিত হৈছে, তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ চুক্তিখন হ'ল বিটিচি চুক্তি। আনহাতে অনুষ্ঠানত বিধায়ক দূৰ্গা দাস বড়োৱেও ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/25aef879-19c0-4a6e-8002-b35705637be3/450df5a6_8d44_4175_9301_b9914c35e286.jpg)
উক্ত অনুষ্ঠানত হাগ্ৰামা মহিলাৰীৰ পৰামৰ্শদাতা, সেই সময়ছোৱাৰ প্ৰাক্তন এম চি এল এ, ইম,বন্ধু-সতীৰ্থ আদিৰ লগতে ভালেসংখ্যক বিভিন্ন ক্ষেত্ৰৰ গন্য মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে গ্ৰন্থখন প্ৰকাশ কৰিছে প্ৰজ্ঞা মিডিয়া হাইপে। প্ৰকাশক গোষ্ঠীটোৰ প্ৰকাশক হৈছে উজ্জ্বল বৰা।
Also Read: নতুন অসমীয়া ছবি ‘সত্য দ্যা ট্ৰুথ'ৰ গীত আৰু পোষ্টাৰ মুকলি