/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f7b89363-1866-4eef-8133-4c64fa5132cb/AP_FOR_WEB_truth.jpg)
ডিজিটেল ডেস্ক : সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অলপতে মুক্তি পাব লগা সত্য দ্যা ট্ৰুথ নামৰ অসমীয়া বোলছবিখনৰ গীত আৰু পোষ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছবিখনৰ গীতসমূহ মুকলি কৰে ক্ৰমে- বিশিষ্ট সংগীত শিল্পী নন্দ বেনাৰ্জী, বিশিষ্ট গায়িকা নমিতা ভট্টাচাৰ্য আৰু মালবিকা বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6726ec16-0092-4df3-a694-278ed8f3f6b3/04a41b28_a1ed_451b_93a1_4f53820e0894.jpg)
আনহাতে এই অনুষ্ঠানতে মুক্তিৰ অপেক্ষাত থকা ছবিখনৰ পোষ্টাৰসমূহ উন্মোচন কৰে বিশিষ্ট অভিনেত্ৰী মঞ্জুলা বৰুৱা আৰু খানাপাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড০ বিবেকানন্দ শইকীয়াই। সমাজৰ এটা অতি স্পৰ্শকাতৰ বিষয় সমকামিতাক মূল বিষয় বস্তু হিচাপে লৈ চিটী প্ৰডাকচনৰ বেনাৰত নিৰ্মিত "সত্য ডা ট্ৰুথ" ৰ প্ৰযোজনা কৰিছে তিলোত্তমা তালুকদাৰে। ছবিখনৰ পৰিচালনা ৰূপজ্যোতি বৰঠাকুৰ (বাবা)ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/11594a97-4ecd-4a71-b6d8-11cbc6397285/2f65fad4_65d2_49ad_a7b4_56673014b3ed.jpg)
এই বছৰতে জুন মাহত কাশিষ: মুম্বাই আন্তৰাষ্ট্ৰীয় কুয়েৰ চলচ্চিত্র মহোৎসৱত ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হৈ যায়। বিশ্বৰ ৪১ খন দেশৰ ১১০ খন বোলছবি প্ৰদৰ্শিত হোৱা এই মহোৎসৱত "সত্য ডা ট্ৰুথ" ক ইন্ডিয়ান নেৰেটিভ চেন্টাৰপিচ বোলছবি হিচাপে প্ৰদৰ্শিত কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/849ee018-0ed9-4c05-b889-ff9d65900dd4/de7b5ded_82eb_4d36_bdd0_6e130049e66e.jpg)
মুম্বাইতে এই বছৰ আগষ্ট মাহত অনুষ্ঠিত ১১ সংখ্যক ভাৰতীয় চিনে চলচিত্র মহোৎসৱত এই ছবিখনে জুৰীৰ বিশেষ উল্লেখ লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি চিকাগো দক্ষিণ এচিয়ান চলচিত্র মহোৎসৱত যোৱা চেপ্তেম্বৰত চিকাগো চহৰত এই ছবিখন প্ৰদৰ্শিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0b235377-fed4-49bb-b741-f95b6794756f/27c034c0_f4a5_413f_b8fb_be49df36d5ce.jpg)
ছবিখন ইতিমধ্যে ভাৰতীয় পেনোৰামাৰ জয়পুৰ আন্তৰাষ্ট্ৰীয় চলচিত্র মহোৎসৱলৈ প্ৰতিযোগিতামূলক বোলছবি শিতানত মনোনীত হৈছে ছবিখন। ছবিখনে ২০২৪ চনৰ ফেব্রুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব।
বোলছবিখনত এক অগতানুগতিক চৰিত্ৰত সুদৰ্শন অভিনেতা উৎপল দাসক দেখা যাব। ছবিখনত উদয়ন দুৱৰা, মোহময়ী অভিনেত্রী ডৰথী ভৰদ্বাজ ,মহেশ বৰাৰ লগতে বহুতো ন-পুৰনি শিল্পীয়ে অভিনয় কৰিছে। ছবিখনত দুগৰাকী নৱাগত অভিনেতা দৰ্শকে বিশেষ চৰিত্ৰত দেখিবলৈ পাব। তেখেত সকল হ'ল ৰাকেশ বৰুৱা আৰু সুমন দাস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fb0e8e95-8ce3-49dc-a8a5-c7dd17e1e11a/a8d44aaf_1530_43ef_a443_539231b82ba3.jpg)
ছবিখনৰ সামগ্রিক পৰিকল্পনা চন্দন তালুকদাৰৰ আৰু কাহিনী উৎপল উপমান্যৰ। সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু তৰালী শৰ্মাই। গীতৰ কথা প্ৰশান্ত বৰদলৈ, তৰালী শৰ্মা আৰু ঝুনাকংকন ভূঞাৰ। জুবিন গাৰ্গ,অৰুন্ধতি ভানুপ্ৰিয়া আৰু অনুৰাগ বৰুৱাই গীতসমূহত কণ্ঠদান কৰিছে। নৃত্য পৰিচালনা কৰিছে অভিজিৎ বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/37788a97-b4c3-498f-9655-1ec45a84bc49/96808d61_b269_402f_8809_6e9b3c748f39.jpg)
হিতেন ঠাকুৰীয়াই চিত্রগ্ৰহণ কৰা এই বোলছবিখনৰ সম্পাদনা কৰিছে সঞ্জীৱ বৰঠাকুৰে। শব্দ সংযোজন আৰু সংমিশ্রণ অমৃত প্ৰীতমৰ। ডি:আই শ্যামল দাস। ছবিখনৰ সাজসজ্জা আৰু ৰূপসজ্জাৰ দ্বায়িত্বত আছিল ক্ৰমে ৰানী দত্ত বৰুৱা আৰু পূজা দত্ত। ছবিখনৰ চিত্রনাট্য চন্দন তালুকদাৰৰ।
পৰিচালক ৰূপজ্যোতি বৰঠাকুৰে জানিবলৈ দিয়ামতে, সমাজত নাক কোচোৱা স্পৰ্শকাতৰ বিষয় সমকামিতাক যাতে সমাজে লাহে লাহে গ্রহণ কৰিবলৈ চেষ্টা কৰে তাৰেই এক বাৰ্তা প্ৰেৰণৰ চেষ্টাৰে এই ছবিখন নিৰ্মাণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/cec5f76a-9c40-4252-8a7d-d4308e1c7190/c04c7b35_9537_4d5a_b948_b6d62d044ad5.jpg)
উক্ত অনুষ্ঠানত ছবিখনৰ কলা-কুশলীৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটি সুন্দৰভাৱে আঁত ধৰে অশোক কুমাৰ দাসে।