/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c7b2d09a-3f67-43c6-965f-e3cadf808799/o2.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ সদৌ অসম অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা অস্তিত্ব ৰক্ষাৰ আন্দোলনত ১৯৮৩ চনৰ ২১ ফেব্ৰুৱাৰীত চতিয়াৰ ৯ জনকৈ পাহুৱাল ডেকাই প্ৰাণ দিৱ লগা হৈছিল ঘাটকৰ ওচৰত। চতিয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে ২১ফেব্ৰুৱাৰীৰ দিনটো স্থানীয় ছহিদ দিৱস হিচাপে পালন কৰি আহিছে।
আজিও চতিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই দিৱস উদযাপন কৰাৰ লগতে চতিয়াৰ নাভি কেন্দ্ৰত নতুনকৈ নিৰ্মাণ কৰা ছহিদ বেদীটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ছহিদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে আনুষ্ঠানিকভাৱে নৱ নিৰ্মিত ছহিদ বেদীটো উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰূপম দাসে।
চতিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা আজিৰ এই কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ নেতা বৰ্তমানৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা লগতে প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী প্ৰৱীন হাজৰিকায়ো উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/956e31dd-c504-4b32-a091-8def4cd91ed1/7e0c497d_c90b_439c_8633_66429de0e6b3.jpg)