এটুপি খোৱাপানীৰ বাবে হাহাকাৰ ধনশিৰিবাসীৰ...

এটুপি খোৱাপানীৰ বাবে হাহাকাৰ ধনশিৰিবাসীৰ...

ডিজিটেল সংবাদ,ধনশিৰিঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আচঁনি জল জীৱন মিচনৰ জড়িয়তে প্ৰতিঘৰ মানুহে বিশুদ্ধ খোৱাপানী পাব লাগিব ৷ ৰাজ্যজুৰি ক্ষীপ্ৰতাৰে এই আঁচনিৰ ৰূপায়ণ কৰাৰ লগতে সম্পূৰ্ণ হোৱা আঁচনিসমূহ ইতিমধ্যে শুভ উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰি দিছে ৷

তেনে সময়তে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ চুঙাজান মাজগাওঁ পঞ্চায়তৰ অন্তৰ্গত হলৌগুৰিৰ ৰাইজে ৷ গাঁৱখনৰ প্ৰায় ২০০ টা পৰিয়ালৰ বাসগৃহত দমকল আছে যদিও বিগত প্ৰায় ৩ মাহে টিউবেলৰ পৰা ওলোৱা নাই পানী ৷

যাৰবাবে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে হলৌগুৰিৰ ৰাইজে ৷ উল্লেখযোগ্য যে,হলৌগুৰিৰ প্ৰায় ২০০ টা পৰিয়ালে সম্প্ৰতি গাঁৱখনৰে এজন লোকৰ ঘৰৰ পৰা পানী অনিবলগীয়া হৈছে ৷

হলৌগুৰি গাঁৱখনত নাই কোনো পানীযোগানৰ ব্যৱস্থাও ৷ জল জীৱন আচঁনিয়েও ঢুকি পোৱা হলৌগুৰিক ৷ উল্লেখযোগ্য যে, সৰুপথাৰত এটা বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগ থকা স্বত্বেও এতিয়া এখন গাঁৱৰ ৰাইজে খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ যাৰবাবে উপায়ন্তৰ হৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনক অতিশীঘ্ৰে গাঁৱখনত পানীযোগানৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে হলৌগুৰিৰ ৰাইজে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in