/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/462d91fe-8683-49b5-afdc-276fe910168d/AP_FOR_WEB_POLICE.jpg)
নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আফজাল হুছেইন
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আফজাল হুছেইনক নিলম্বন কৰে । এগৰাকী মহিলাই বেংতল আৰক্ষী চকীত শ্লীলতাহানিৰ গোচৰ দাখিল কৰিছিল কিন্তু বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ পৰিদৰ্শক আফজাল হুছেইনে দুৰ্ভগীয়া মহিলা গৰাকীক ন্যায় দিয়াৰ পৰিৱৰ্তে আচামীসকলক ৰক্ষণাবেক্ষণ দি শ্লীলতাহানিৰ গোচৰ উঠাই ল'বলৈ মহিলাগৰাকীক হেচাঁ প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
শুকুৰবাৰে নিৰ্যাতিতা মহিলাগৰাকীয়ে বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ এই আচৰণ কথা প্ৰথমে সংবাদ মাধ্যম আৰু পিছত চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰানজিত বৰাৰ কাষ চাপি অৱগত কৰে । সমগ্ৰ বিষয়টো সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাৰ পিছত কালিৰ দিনটোত চিৰাং আৰক্ষীৰ পৰা বিভাগীয় ভাৱে তদন্ত কৰি শুকুৰবাৰ বিয়লিৰ ভাগত আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আফজাল আলীক চাকৰিৰ পৰা নিলম্বন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2389347d-bfc0-496e-ae80-4e9e55a5c70c/d7ae9bc3_20b9_422e_b73a_dc6c6712add3.jpg)
মহিলাগৰাকীক ন্যায় দিয়াৰ উদ্দেশ্যে দলবদ্ধ শ্লীলতাহানিৰ ঘটনাৰ সৈতে জড়িত ৩ অভিযুক্তক চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে দুৰ্ভগীয়া মহিলাগৰাকীৰ সৈতে হোৱা দলবদ্ধ শ্লীলতাহানিৰ ঘটনাত ৭জন লোক জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল ।
চিৰাং আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ মূল অভিযুক্ত গুলজাৰ হুছেইন আৰু পবিত্ৰ ৰায়, গণেশ ৰায় নামৰ তিনিজনক গ্ৰেপ্তাৰ কৰিছে । বাকী ৪ জন এতিয়াও পলাতক হৈ আছে।পলাতক অভিযুক্তসকলক সন্ধান বিচাৰি চিৰাং আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বলি জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d9c0b9de-8cd4-4c65-ae5a-c657da264f0c/78f7e7b6_38ee_4e54_9136_7235e6188485.jpg)
আৰু পঢ়কঃ কাজিৰঙাত ভূ-মাফিয়াৰ দপদপনি,জব্দ ডাম্পাৰসহ জে চি বি