কাজিৰঙাত ভূ-মাফিয়াৰ দপদপনি,জব্দ ডাম্পাৰসহ জে চি বি

একাংশ ভূ-মাফিয়াই চোৰাংকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে লাগি থকা ১নং শিলডুবি অঞ্চলত বৃহৎ বৃহৎ পুখুৰী খান্দি মাটিৰ ব্যৱসায় চলাই আহিছিল
কাজিৰঙাত ভূ-মাফিয়াৰ দপদপনি,জব্দ ডাম্পাৰসহ জে চি বি

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত অবৈধ মাটিখননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ অভিযানত জব্দ ২খন জে চি বিৰ লগতে জব্দ কৰে ৩খনকৈ মাটি ভৰ্তি ডাম্পাৰ ৷

উল্লেখ্য যে একাংশ ভূ-মাফিয়াই চোৰাংকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে লাগি থকা ১নং শিলডুবি অঞ্চলত বৃহৎ বৃহৎ পুখুৰী খান্দি মাটিৰ ব্যৱসায় চলাই আহিছিল ৷ কোনো ধৰণৰ বৈধ নথি-পত্ৰ নোহোৱাকৈ বন্যজন্তু আহ যাহ কৰা অঞ্চলত পুখুৰী খান্দি এক প্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে বন্যজীৱকুললৈ ৷ গোপন তথ্যৰ ভিত্তিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বিষয়া কৰ্মচাৰীয়ে পুখুৰী খন্দা ঠাইৰ পৰা জব্দ কৰে AS 03 AC 1639, AS 16C 5040,NL 07 A 5014 নম্বৰৰ ডাম্পাৰ আৰু AS 01 MC 7700,AS 09 A C 2101 নম্বৰৰ জে চি বি দুখন ৷

ইয়াৰে এখন ডাম্পাৰ আৰু এখন জে চি বি চন্দন শইকীয়াৰ বুলি জানিব পৰা গৈছে ।বাহনকেইখন জব্দ কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in