নিলম্বিত BDO অৰুণ কুমাৰ দাসৰ দুৰ্নীতিৰ আন এক দস্তাবেজঃ টয়লেট নিৰ্মাণৰ বাবে অহা ধনো ভৰালে জেপত...

নিলম্বিত BDO অৰুণ কুমাৰ দাসৰ দুৰ্নীতিৰ আন এক দস্তাবেজঃ টয়লেট নিৰ্মাণৰ বাবে অহা ধনো ভৰালে জেপত...
নিলম্বিত BDO অৰুণ কুমাৰ দাসৰ দুৰ্নীতিৰ আন এক দস্তাবেজঃ টয়লেট নিৰ্মাণৰ বাবে অহা ধনো ভৰালে জেপত...

ডিজিটেল সংবাদ ছয়দুৱাৰ: গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত বছৰ বছৰ ধৰি উঠি ৰজা বহি ৰজা হৈ লুণ্ঠনৰ পোহাৰ মেলা দুৰ্নীতিপৰায়ন খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসৰ দুৰ্নীতিৰ আন এক দস্তাবেজ পোহৰলৈ আহিছে।ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ইনু বৰাৰ প্ৰত্যক্ষ সহযোগত ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ আঁচনি ৰূপায়নৰ নামত লাখ লাখ টকাৰ কেলেংকাৰী সংঘটিত কৰি অহা সদ্য নিলম্বিত খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসৰ পৃষ্ঠপোষকতাত আমতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘাঁহিগাঁও দৈনিক বজাৰত ৰূপায়িত আঞ্চলিক পঞ্চায়তৰ এক আঁচনিত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাটো স্পষ্ট হৈ পৰিছে।

য'ত বিডিঅ' অৰুণ কুমাৰ দাস এণ্ড কোম্পানীয়ে মাত্ৰ ১৫/২০ হাজাৰ টকাৰ কাম কৰি দুই লক্ষাধিক টকা গোটে গোটে হজম কৰা পৰিস্কাৰ হৈ পৰিছে। উল্লেখযোগ্য যে ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগ(২০২০-২১,দ্বিতীয় কিস্তি)ৰ জৰিয়তে আবণ্টিত ২,২৩,৮৩৯ টকাৰ এক চৰকাৰী পুঁজিৰে ঘাঁহিগাঁও দৈনিক বজাৰত টয়লেট নিৰ্মাণ আৰু দৈনিক বজাৰখনৰ মেৰামতিৰ বাবে এক আঁচনি ৰূপায়ণ হৈছিল।

প্ৰগেছ ৰিপৰ্টৰ "ফিজিকেল ষ্টেটাছ" আৰু "ফাইনেঞ্চিয়েল ষ্টেটাছ"ত উল্লেখ থকা চৰকাৰী তথ্য অনুসৰি উক্ত কাম ইতিমধ্যে ১০০ শতাংশ সম্পূৰ্ণ হোৱা বুলি দেখুওৱা হৈছে যদিও কৰ্মস্থলীত ইয়াৰ এখন ওলোটা ছৱিহে পৰিলক্ষিত হৈছে। ক্ষেত্ৰভিত্তীক চলোৱা পৰিদৰ্শন কালত উক্ত পুঁজিৰে কোনো ধৰণৰ টয়লেট ঘাঁহিগাঁও দৈনিক বজাৰৰ চাৰিসীমাৰ ভিতৰত নতুনকৈ স্থাপন কৰা কিম্বা জহি-খহি যোৱা পুৰণি টয়লেটতো মেৰামতি কৰা দেখা পোৱা নগ'ল।

পৰিদৰ্শন কালত বজাৰখনত লগ পোৱা একাংশ ব্যৱসায়ীৰ পৰা জানিব পৰা মতে উক্ত আঁচনিৰ ধনেৰে বজাৰৰ চাৰিসীমাৰ ভিতৰত কোনো ধৰণৰ টয়লেট নতুনকৈ স্থাপন কিম্বা পুৰণি টয়লেটতো মেৰামতি কৰা নাছিল আঁচনি ৰূপায়নকাৰী সংস্থাই। ইয়াৰ বিপৰীতে বজাৰ মেৰামতিৰ নামত ৪/৫ খন মান পকী দোকানৰ খুঁটা আৰু হাফ বেৰত ওপৰে ওপৰে ৰং সনাৰ লগতে নেওৰা হিচাপে ১০ খন টিনৰ ৰেজিং,পুৰণি চালিৰ ওপৰত ৮ খন মান টিনপাত আৰু ৬ খন ফাইবাৰৰ টিনপাতহে লগালে নিৰ্মাণকাৰী সংস্থাই।

অৰ্থাৎ উক্ত আঁচনি ৰূপায়নৰ নামত মাত্ৰ ১৫/২০ হাজাৰ টকা মানহে খৰছ কৰি কাগজে কলমে ১০০ শতাংশ কাম কৰা দেখুৱাই দুই লক্ষাধিক টকা গোটে গোটে গিলিলে বিডিঅ' অৰুণ কুমাৰ দাস এণ্ড কোম্পানীয়ে। উক্ত চৰকাৰী ধনৰ সিংহভাগ পকেটস্থ কৰিবলৈকে কৰ্মস্থলীত আজিলৈকে ফলক স্থাপন নকৰি স্থানীয় ৰাইজ আৰু ব্যৱসায়ীক আঁচনি সম্পৰ্কে অন্ধকাৰত ৰাখিছে ঘোচখোৰ বিডিঅ' অৰুণ কুমাৰ দাসে।

কাম নকৰাকৈ এনেদৰে চৰকাৰী ধন আত্মসাৎ কৰিবলৈ অকণো ভয়-শংকা নকৰা বিডিঅ' অৰুণ কুমাৰ দাসৰ এই নীতি বিৰোধ কাৰ্য্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই তদন্ত কৰাৰ পোষকতা কৰিছে ছয়দুৱাৰবাসী ৰাইজে। চৰকাৰী বিধি-ব্যৱস্থাত স্বচ্ছতা আনিবলৈ যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে তেনেসময়তে মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিলৈ অকণো কেৰেপ নকৰি লুণ্ঠনৰ পোহাৰ মেলা বিডিঅ' অৰুণ কুমাৰ দাস অৱশেষত এনৰেগা আঁচনিৰ এক বিত্তীয় কেলেংকাৰীৰ অভিযোগত নিলম্বিত হৈছে যদিও তেওঁৰ কাৰ্য্যকালত ৰূপায়িত হোৱা প্ৰতিটো আঁচনিৰ ওপৰত এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰাৰ কঠোৰ পদক্ষেপ ল'বলৈ মুখ্যমন্ত্ৰীৰ ওচৰত কঠোৰ দাবী জনাইছে ছয়দুৱাৰবাসী ৰাইজে।

তদুপৰি কালভাৰ্ট নিৰ্মাণ, অংগনবাড়ী কেন্দ্ৰৰ গৃহ মেৰামতি, অংগনবাড়ী গৃহৰ টয়লেট নিৰ্মাণ, তাৰা পাম্প আৰু হেণ্ড টিউবেল স্থাপন, চ'লাৰ লাইট যোগানৰ নামত বিভিন্ন দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইপিনে, ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত টকৌবাৰী(৪টা), গমিৰি(এটা), কৃষ্ণপুৰ(এটা), জালুকবাৰী(এটা), আমজাৰণি(এটা), বালিজান(দুটা) আৰু বাকৰি দলনী(এটা) গাঁও পঞ্চায়তৰ বিভিন্ন ঠাইত ৰূপায়ণ হোৱা মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ "অমৃত সৰোবৰ" আঁচনিৰ পুখুৰী নিৰ্মাণৰ ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উথাপন হৈছে।

আঁচনিৰ গাইড লাইন মতে প্ৰতিটো পুখুৰীৰ বিপৰীতে মাটি কালীৰ পৰিমাণ শুদ্ধ ৰূপত আছে নে নাই তাৰ ওপৰত যদি এক বিভাগীয় তদন্ত কৰা হয় তেন্তে অমৃত সৰোবৰ আঁচনিৰ ক্ষেত্ৰত বহু কেলেংকাৰী ওলাই পৰাতো নিশ্চিত বুলি ছয়দুৱাৰবাসী ৰাইজে মন্তব্য কৰিছে। অভিযোগ অনুসৰি-পুখুৰী খনন আৰু পুখুৰীৰ পাৰ বন্ধাৰ নামতো সিংহভাগ ধনৰ ভাগ বটোৱাৰা হোৱা বুলি অভিযোগত প্ৰকাশ পাইছে।

জানিব পৰামতে এটা পুখুৰীৰ খন্দাৰ বিপৰীতে আবণ্টিত পুঁজিৰ পৰিমাণ ১১ লাখৰ পৰা ১২ লাখ টকা। স্থানীয় ৰাইজৰ মতে ফকলেণ্ডৰ জৰিয়তে এটা পুখুৰী খন্দা আৰু পাৰ বন্ধাৰ বাবদ খৰছ হৈছে মাত্ৰ চাৰিৰ পৰা পাঁচ লাখ টকাহে।

ছয়দুৱাৰবাসী ৰাইজে অমৃত সৰোবৰ আঁচনিৰ প্ৰতিটো পুখুৰীৰ ওপৰত এক দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ বিশ্বনাথ জিলাৰ জিলা আয়ুক্তৰ ওচৰত কঠোৰ দাবী জনাইছে।এই ১১ টা পুখুৰী খননৰ নামত প্ৰায় ৫৫/৬০ লাখ টকাৰ এক বৃহৎ কেলেংকাৰী হোৱা বুলি অভিজ্ঞ মহলে অভিযোগ উথাপন কৰিছে।

উল্লেখযোগ্য যে-দুৰ্নীতি ঢাকিবলৈকে ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ জৰিয়তে ৰূপায়ণ হোৱা কোনো এটা কামৰ স্থানত আঁচনিৰ প্ৰাককলনৰ ছাইনব'ৰ্ড স্থাপন নকৰে নিৰ্মাণকাৰী সংস্থাই।

নিলম্বিত BDO অৰুণ কুমাৰ দাসৰ দুৰ্নীতিৰ আন এক দস্তাবেজঃ টয়লেট নিৰ্মাণৰ বাবে অহা ধনো ভৰালে জেপত...
ভূস্বৰ্গ কাশ্মীৰ হ'ব দ্বিতীয় 'গাজা' ! ফাৰুক আব্দুল্লাৰ মন্তব্যত ধুমুহা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in