সূৰ্য গগৈক সাহিত্য সভাৰ জিলা প্ৰতিনিধি ৰূপে নিৰ্বাচিত

author-image
Asomiya Pratidin
New Update
আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীত অনুষ্ঠিত হ'ব 'উদ্ভাৱনী মহোৎসৱ'

ডিজিটেল সংবাদ,গোলাঘাট : সূৰ্য গগৈক সাহিত্য সভাৰ জিলা প্ৰতিনিধি ৰূপে নিৰ্বাচিত। গোলাঘাট জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি তফজুল হকবৰবৰাৰ সভাপতিত্বত যোৱা ১৭ ফেব্ৰুৱাৰীত দেৰগাঁৱত অনুস্থিত হয় এখন জৰুৰী সভা।

উক্ত সভাত সূৰ্য গগৈক সৰ্বসন্মতি ক্ৰমে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিলৈ ২০২৩ -২০২৫ বৰ্ষৰ বাবে গোলাঘাট জিলাৰ প্ৰতিনিধি ৰূপে নিৰ্বাচিত কৰে বুলি জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰাই জানিবলৈ দিছে। জিলা সম্পাদক বন্তি বৰাই উদ্দেশ্য বাখ্যা কৰা সভাত নৱ নিৰ্বাচিত উপ-সভাপতি গুণেন বৰাও উপস্থিত আছিল ।

Also Read: এমিৰেটছত সূৰ্যাস্ত, অৱসৰ গ্ৰহণ তাৰকা খেলুৱৈ ছানিয়া মিৰ্জাৰ

representative sahitya sabha