এমিৰেটছত সূৰ্যাস্ত, অৱসৰ গ্ৰহণ তাৰকা খেলুৱৈ ছানিয়া মিৰ্জাৰ

এমিৰেটছত সূৰ্যাস্ত, অৱসৰ গ্ৰহণ তাৰকা খেলুৱৈ ছানিয়া মিৰ্জাৰ

ডিজিটেল ডেস্ক : বিয়লি বেলাৰ সময়, সমগ্ৰ এমিৰেটছক সূৰ্যাস্তৰ সোণালী ৰঙে বুৰাই পেলাইছিল । তেনে সময়তেই ভাৰতীয় টেনিছৰ তাৰকা ছানিয়া মিৰ্জাই আন্ত:ৰাষ্ট্ৰীয় টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰিলে অশ্ৰুসিক্ত নয়নেৰে । সূৰ্যাস্তৰ সোণালী ৰঙত জিলিকি উঠিল ছানিয়াৰ দুগালেৰে নিগৰি অহা চকুপানী কেইটোপালো ।

ছয় বছৰ বয়সতেই টেনিছ ৰেকেট হাতত তুলি লৈছিল আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈগৰাকীয়ে । তাৰ পাছত কোনোদিনেই থমকি নৰ'ল খেলুৱৈগৰাকী । ৬ বাৰকৈ জয় কৰিলে গ্ৰেন্ড শ্লেম, ৱৰ্ল্ড ডাবলছ্ত দখল কৰিলে শীৰ্ষস্থান, চাৰিবাৰকৈ অলিম্পিকত যুঁজ দিলে বিপক্ষৰ খেলুৱৈৰ সৈতে ।

ৱমেনছ টেনিছ এচোছিয়েছনৰ ডাবলছত ৪২টাকৈ খিতাপ দখল, ৰিঅ' অলিম্পিকৰ ছেমি-ফাইনেলিষ্ট খেলুৱৈগৰাকীৰ বৰ্ণিল কেৰিয়াৰ কেৱল খিতাপ জয় আৰু পদকতেই সীমাবদ্ধ নহয় ।

টেনিছ ক'ৰ্টত খেলুৱৈ গৰাকী আছিল অদমনীয় । বিশ্ব বিখ্যাত খেলুৱৈ মাৰ্টিনা হিংগিছৰ সৈতে বন্ধা যুঁটিৰ খেল চাবলৈ এটা সময়ত অপেক্ষাৰত আছিল সমগ্ৰ বিশ্ব । তাৰ পাছতো আন বহু কেইজন প্ৰখ্যাত খেলুৱৈৰ সৈতে বন্ধা যুঁটিয়ে কপাই তুলিছিল সমগ্ৰ বিশ্বক । এফালৰ পৰা দখল কৰি গৈছিল এটাৰ পাছত আনটো খিতাপ । সেই ছানিয়া মিৰ্জাই অৱসৰ গ্ৰহণ কৰিলে টেনিছৰ পৰা ।

অৱসৰ গ্ৰহণ কৰি প্ৰখ্যাত খেলুৱৈ গৰাকীয়ে মন্তব্য প্ৰদান কৰে যে, এই সুদীৰ্ঘ সময়ছোৱা টেনিছৰ সৈতে জড়িত হৈ থাকিবৰ বাবে প্ৰয়োজন হৈছিল প্ৰচণ্ড শাৰীৰিক আৰু মানসিক শক্তিৰ । যি বৰ্তমান খেলুৱৈগৰাকীৰ মাজত অনুপস্থিত বুলি অনুভৱ কৰে তেখেতে । যাৰ বাবেই এই কঠিন সিদ্ধান্ত ল'বলৈ আগবাঢ়ি আহিল ছানিয়া মিৰ্জাই ।

এমিৰেটছত সূৰ্যাস্ত, অৱসৰ গ্ৰহণ তাৰকা খেলুৱৈ ছানিয়া মিৰ্জাৰ
ৰাজপথতে জ্বলি উঠিল চলন্ত বাহন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in