ইতিহাসবিদ ড০ সূৰ্য্য কুমাৰ ভূঞাৰ জন্মদিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত বিশেষ অনুষ্ঠান

অহা ২৭ জানুৱাৰীত অসমৰ প্ৰখ্যাত ইতিহাসবিদ ড০ সূৰ্য্য কুমাৰ ভূঞাৰ জন্মদিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত ড০ সূৰ্য্য কুমাৰ ভূঞা পুথিভঁৰালৰ উদ্যোগত আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
ইতিহাসবিদ ড০ সূৰ্য্য কুমাৰ ভূঞাৰ জন্মদিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত বিশেষ অনুষ্ঠান

ডিজিটেল ডেস্ক: অহা ২৭ জানুৱাৰীত অসমৰ প্ৰখ্যাত ইতিহাসবিদ ড০ সূৰ্য্য কুমাৰ ভূঞাৰ জন্মদিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত ড০ সূৰ্য্য কুমাৰ ভূঞা পুথিভঁৰালৰ উদ্যোগত আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। "অসমৰ প্ৰসিদ্ধ নৱন্যাসিক প্ৰতিভা ড০ সূৰ্য্য কুমাৰ ভূঞা: কৃতি আৰু কৃতিত্ব --এক অৱলোকন" শীৰ্ষক এই বক্তৃতাটি প্ৰদান কৰিব অসমৰ বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীদেৱে।

Advertisment

এই অনুষ্ঠান ৰাতিপুৱা এঘাৰ বজাত বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। বক্তৃতানুষ্ঠানৰ পাছত উক্ত প্ৰেক্ষাগৃহতেই এখনি সদৌ অসম ভিত্তিত মুকলি প্ৰাইজমানী কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কুইজ প্ৰতিযোগিতাখনৰ বিষয়বস্তু হৈছে- ড০সূৰ্য্য কুমাৰ ভূঞাৰ জীৱন আৰু কৃতি আৰু অসমৰ ইতিহাস সম্পৰ্কীয় সাধাৰণ জ্ঞান।প্ৰতিযোগিতাখনত এটা দলত সৰ্বাধিক দুজন সদস্য থাকিব পাৰিব।ভৰ্তিমাচুলবিহীন প্ৰতিযোগিতাখন সিদিনা দিনৰ ১২.৩০ বজাৰ পৰা অনুষ্ঠিত হব।

আৰু পঢ়ক: কয়লা খনিত বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু শ্ৰমিকৰ

guwahati