/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/11484-16281427885-bc7efa32d1-o.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্ক: লিডুৰ পাহাৰ অঞ্চলত অঘটন। কয়লা খনিত বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু দুজন লোকৰ। মৃতদ্বয় কৃষ্ণ মুড়া আৰু বিজয় বুলি জানিব পৰা গৈছে।
মৃত এজনৰ ঘৰ তিনিচুকীয়াৰ মাকুমত আৰু আনজনৰ ঘৰ মাৰ্ঘেৰিটাৰ পাৱৈত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত আহত আন দুজন লোকো।
অভিযোগ অনুসৰি জনৈক পেগু নামৰ লোকজনৰ নেতৃত্বত চোৰাং কয়লা কঢ়িয়াবলৈ গৈছিল। সমগ্র ঘটনাটো গাপ দিয়াৰ চেষ্টা চোৰাং কয়লা চক্রৰ।
আৰু পঢ়ক: আনৰ বাহন নিজৰ বুলি ভাড়ালৈ দিয়া, বিক্ৰী কৰা ঋষি পৰিল আৰক্ষীৰ জালত...