জাগীৰোডত সুৰেশ বৰাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ

জাগীৰোডত সুৰেশ বৰাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ, জাগীৰোডঃ দেশৰ উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ লগতে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিবলৈ আহ্বান জনাই নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই শনিবাৰে জাগীৰোডত ৯খন নিৰ্বাচনী সভাত ভাষণ আগবঢ়ায়। আঁহতগুৰিৰ পৰা জাগীৰোডলৈ প্ৰতিটো পঞ্চায়তত অনুষ্ঠিত সভাসমুহত যথেষ্ট লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়।

পুৱা ৯বজাত আঁহতগুৰিৰ পৰা আৰম্ভ কৰা এই সভাৰ পিছত তেলাহি চাৰিআলি, উত্তৰ ধৰমতুলৰ বিহুবড়ি, ধৰমতুল, শিলচাং বিহুতলী, নেলী কুমাৰবড়ী খেলপথাৰ, ৰৌমাৰী খেলপথাৰ, দেওশাল, জাগীৰোড। স্পান চিল্ক মিল কলনী আৰু জাগীৰোড শিশু উদ্যান খেলপথাৰত অনুষ্ঠিত সভাসমুহত প্ৰাৰ্থী সুৰেশ বৰাই কয় যে কংগ্ৰেছ দলে ষাঠি বছৰত কৰিব নোৱাৰা কাম নৰেন্দ্ৰ মোডীয়ে দহবছৰত কৰিছে। বিজেপিক ভোট দিয়া মানে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰা বুলি মন্তব্য কৰে।

বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা উন্নয়নমূলক কামৰো উল্লেখ কৰে। মন্ত্ৰী পীয়ুস হাজৰিকাই নগাওঁ মৰিগাওঁ জিলাত বান সমস্যা সমাধানত লোৱা পদক্ষেপৰ প্ৰশংসা কৰাৰ লগতে আগন্তুক দিনতো বিজেপিয়ে উন্নয়ন মূলক কাম কৰি যাৱ বুলি কয়। আজিৰ নিৰ্বাচনী সভাসমূহত জাগীৰোড মণ্ডল বিজেপিৰ সভাপতি প্ৰবীণ কুমাৰ ডেকা, বিজেপি নেতা মুনীন্দ্ৰ ডেকা,অশোক ডেকা, শৰৎ ডেকা, মনিৰাম পাটৰ, কৰবী চলিহা, জিনাৰাম পাটৰ, পৰশুৰাম শৰ্মা, মনিৰাম পাটৰ, দিব্যজিৎ নেওগ মন্ত্ৰী পীয়ূষ হাজৰীকাৰ ব্যক্তিগত সচিব অপুৰ্ব ডেকা আৰু সঞ্জীৱ পাল প্ৰমুখ্যে বহু সংখ্যক বিজেপি আৰু মিত্ৰ দলৰ নেতা কৰ্মী উপস্থিত থাকে।

জাগীৰোডত সুৰেশ বৰাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ
বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in