বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ...

নিৰ্বাচনৰ পূৰ্বে আজমলক এই পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই

author-image
Asomiya Pratidin
New Update
বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ...

ডিজিটেল ডেস্ক : ৰাজনৈতিক ক্ষেত্ৰৰ বিৰোধী এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে এক পৰামৰ্শ। নিৰ্বাচনৰ পূৰ্বে আজমলক এই পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

Advertisment

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আজমলক নিৰ্বাচনৰ পূৰ্বে বিয়া পতাৰ কথা কয়। কিয়নো নিৰ্বাচনৰ পাছত যদি আজমলে পুনৰ বিবাহ কাৰ্য কৰিব বিচাৰে তেন্তে তেঁওৰ ওপৰত ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনৰ পাছতে ইউ চি চি আৰম্ভ হ'ব, সেয়ে ড০ শৰ্মাই আজমলক এই নীতি কাৰ্যকৰী হোৱাৰ পূৰ্বে পুনৰ বিয়া পাতিবলৈ পৰামৰ্শ দিয়ে। কিয়নো ইউ চি চি আইন কাৰ্যকৰী হোৱাৰ পাছত যদি আজমল নাইবা কোনো লোক বহু বিবাহ কাৰ্যত লিপ্ত হয় তেন্তে আইন উলংঘা কৰাৰ অভিযোগত বিচাৰ কৰা হ'ব বুলি সামাজিক মাধ্যমত উল্লেখ কৰে।

Also Read: ছাত্ৰ দিৱস উপলক্ষে কাজলগাঁৱত কেৰিয়াৰ মেলা

Badruddin Ajmal uniform civil code himanta biswa sarma