নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব সুৰেশ বৰাক

নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব সুৰেশ বৰাক

author-image
asomiyapratidin
New Update
নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব সুৰেশ বৰাক

ডিজিটেল সংবাদ , নগাঁও : নগাঁও জিলা কংগ্ৰেছৰ সভাপতি নিয়ুক্তি দিয়া হৈছে ৷ সভাপতিৰ দায়িত্ব ন্যস্ত কৰা হৈছে সুৰেশ বৰাক ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰিব সুৰেশ বৰাই ৷ প্ৰদেশ কংগ্ৰেছৰ সাধাৰন সম্পাদক বিপুল গগৈৰ স্বাক্ষৰিত এক নিৰ্দেশ যোগে সুৰেশ বৰাক সভাপতিৰ দায়িত্ব অৰ্পন কৰা হয় ৷

Advertisment

নগাঁও পৌৰসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে পূৰ্বৰ জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাই পদত্যাগ কৰিছিল ৷ নিৰ্বাচনত নগাঁৱত কংগ্ৰেছ বিপৰ্যয়ৰ সন্মুখীন হোৱাত তপন কুমাৰ শৰ্মাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল ৷

শৰ্মাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ পিছত উক্ত পদত সুৰেশ বৰাক অধিষ্ঠিত কৰে দলটোয়ে ৷ নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াত সুৰেশ বৰাই আনন্দ প্ৰকাশ কৰিৰ লগতে ৰাজনৈতিক দলটোক জিলাখনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে ৷

আৰু পঢ়ক: PMAY আৰু MGNREGA আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগেৰে পঞ্চায়ত ঘেৰাও…

assam nagaon congress