ঢকুৱাখনাবাসী ৰাইজৰ আতিথ্যত আপ্লুত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

ঢকুৱাখনাবাসী ৰাইজৰ আতিথ্যত আপ্লুত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাত উপস্থিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। মঙ্গলবাৰে সন্ধিয়া বিভাগীয় কাৰ্যসূচীলৈ ঢকুৱাখনাত উপস্থিত হয় আৰক্ষী অধীক্ষকগৰাকী।

আনন্দ মিশ্ৰ উপস্থিত হোৱাৰ লগে লগে ওচৰৰ পৰা চাবলৈ,এষাৰ মনৰ কথা ব্যক্ত কৰিবলৈ সৃষ্টি হয় জনসমাগমৰ। স্থানীয় ৰাইজে জনোৱা মতে আপোন এগৰাকী আৰক্ষী অধীক্ষকক কাষত পাই উল্লাসিত ঢকুৱাখনাবাসী ।

স্থানীয় একাংশ ৰাইজে হাতে হাতে গামোচা লৈ আৰক্ষী বিষয়াগৰাকীক উষ্ম আদৰণি জনায়। অধীক্ষকগৰাকী থানাত উপস্থিত হোৱাৰ লগে লগেই সমবেত ৰাইজে বিষয়াগৰাকীক আদৰি  সম্ভাষণ জনায় । ঢকুৱাখনাৰ ৰাইজৰ মৰমক সন্মান প্ৰদৰ্শন কৰি সময় অপব্যয় নকৰি ৰাইজৰ মাজলৈ ওলাই আহে আৰক্ষী অধীক্ষক মিশ্ৰ।

ৰাইজৰ পাৰ ভঙা উচাহ আৰু উষ্ম সম্ভাষণ গ্ৰহণ কৰি  মিশ্ৰই কয়  "মই সদায় আছো আপোনালোকৰ মাজত। হুলস্থুল নকৰিব । আপোনালোকৰ মাজৰে এজন মই ।"

দুৰ্নীতি ভ্ৰূষ্টাচাৰ ,সমাজবিৰোধী অপশক্তিক  নিৰ্মূলৰ পন লৈ অহা হেঁপাহৰ আৰক্ষী বিষয়াগৰাকীক কাষত পাই উৎসাহী ৰাইজে কৰা প্ৰচণ্ড ঠেলা হেঁচাত থানাৰ খিৰিকীৰ গ্লাছ পৰ্যন্ত ভাঙি এগৰাকী ব্যক্তিৰ হাত কাটি ৰক্তক্ষৰণ হয়।

এনে সময়তে থানাত উপস্থিত হয় হত্যাকাৰীৰ নিৰ্মম  প্ৰহাৰত মৃত্যু হোৱা  ঢকুৱাখনা দুলিয়া গাঁওৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী অৰুণ বৰুৱাৰ শোকাহত আত্মীয়। আৰক্ষী অধীক্ষক মিশ্ৰক ঘটনাৰ সন্দৰ্ভত অৱগত কৰাৰ পাছতে অধীক্ষক গৰাকী ঘটনাস্থলী (পি অ)পৰিদর্শন কৰি স্থানীয়  প্ৰত্যক্ষদর্শীৰ জৰিয়তে ৰাস্তাত শোৱাই কিদৰে মুমূৰ্ষু অৰুণ বৰুৱা পথৰ ওপৰত পৰি আছিল তাৰ নাটকীয় ৰূপান্তৰ  প্ৰত্যক্ষ কৰে ।

ইয়াৰ পাছতে অধীক্ষকগৰাকী মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়লৈ যায় আৰু পাছত লখিমপুৰলৈ উভতি যায়। আৰক্ষী আৰু ৰাইজৰ মাজত জনসম্পৰ্ক ধৰি আৰু বৰ্তাই ৰখাত বিগত সময়চোৱাত  নিৰ্লজ্জভাবে মুখ ঠেকেছা খাই অহা জিলা আৰক্ষী প্রশাসনৰ একাংশ শীর্ষ বিষয়াসকলৰ তথাকথিত আভিজাত্যতা আৰু দাম্ভিক আচৰণৰ বিপৰীতে আনন্দ মিশ্ৰৰ একাত্মতা আৰু গণ দায়বদ্ধতাৰ ওপৰত সুকীয়া আস্থা আৰু বিশ্বাসৰ সম্বল বিচাৰি পাই মঙ্গলবাৰে নিশা ঢকুৱাখনাবাসীয়ে স্বতঃস্ফূৰ্তভাবে জনোৱা শুভেচ্ছা আৰু বীৰোচিত আদৰণিয়ে "মোক ৰাইজৰ ভালৰ বাবে হিতৰ বাবে কাম কৰাৰ বহুত শক্তি দিব" বুলি  স্বভাৱ সুলভ হাস্য বদনে ব্যক্ত কৰি নৱ নিযুক্ত আৰক্ষী অধীক্ষকগৰাকী নিশা লখিমপুৰলৈ উভতি যায়।

ঢকুৱাখনাবাসী ৰাইজৰ আতিথ্যত আপ্লুত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ
চিৰাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ পৰা ধন দাবী কৰাৰ অভিযোগ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in