চিৰাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ পৰা ধন দাবী কৰাৰ অভিযোগ

চিৰাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ পৰা ধন দাবী কৰাৰ অভিযোগ

ডিজিটেল সংবাদ,চিৰাং : চিৰাঙৰ ৰঞ্চাইধাম ভিচিডিচিৰ অন্তৰ্গত উলুবাৰী গাঁৱৰ মুছলিম বস্তীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত হিতাধিকাৰীৰ পৰা ধন দাবী কৰি হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপিত হৈছে ইউপিপিএল দলৰ ভিচিডিচি সদস্য কবাদ আলী মোল্লাৰ বিৰুদ্ধে ।

অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ বাবদ ৩টা কিস্তিত হিতাধিকাৰীসকলে ধন লাভ কৰে। সেই ধন ভিচিডিচিৰ সদস্য কবাদ আলী মোল্লাই প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা প্ৰতিটো কিস্তি মোকলাই দিয়াৰ নামত ৰঞ্চাইধাম ভিচিডিচি সভানেত্ৰীৰ নাম লৈ নিদিষ্ট পৰিমানৰ ধন দাবী কৰে। ধন আদায় নিদিলে কিস্তি মোকলাই দিয়া নহ'ব ভাবুকি প্ৰদানৰে ধন সংগ্ৰহ কৰে।

হামেদ আলী শ্বেখ, শ্বাহ আলম, উৰ্বানু বেওৱা, আহাদ আলী, অজাবি বেওৱা আদি কৰি হিতাধিকাৰীসকলৰ পৰা প্ৰথম কিস্তি আদায় দিয়াৰ নামত ২৫০০ হেজাৰ টকাৰ পৰা ২০০০ টকা পৰ্যন্ত ইতিমধ্যেই আদায় কৰিছে ভিচিডিচি সদস্যজনে । এতিয়া ভিচিডিচিৰ সদস্য জনে কিস্তি আদায় দিয়াৰ নামত নতুনকৈ আকৌ হিতাধিকাৰীৰ পৰা ধনদাবী কৰা আৰম্ভ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে ।

আনকি কবাদ আলী মোল্লাই মুছলিম বস্তী এলেকাৰ এটা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী পক্ষাঘাত ৰোগত আক্ৰান্ত আফজাল আলী শ্বেখৰ পৰিয়ালৰ পৰাও ১৫০০ টকা আদায় কৰিছে। এই বিষয়টো স্থানীয় সচেতন ৰাইজে সহজভাৱে মানি ল'ব পৰা নাই।

এই সংক্ৰান্তত ৰঞ্চাইধাম ভিচিডিচিৰ সভানেত্ৰী ছুজুলা বসুমতাৰীৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত হিতাধিকাৰীৰ পৰা কোনোধৰণৰ টকা সংগ্ৰহ কৰাৰ বাৱে অনুমতি দিয়া হোৱা নাই বা অনুমতি দিয়াৰ প্ৰশ্নই নুঠে। যদি উক্ত এলেকাৰ ভিচিডিচি সদস্য জনে তেওঁৰ নামত হিতাধিকাৰীৰ পৰা টকা দাবী কৰাৰ দৰে কাম কৰিছে তেনেহ'লে তাৰ বিৰুদ্ধে অতিশীঘ্ৰেই বিহিত ব্যবস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।

এই সন্দৰ্ভত দলৰ ঊৰ্দ্ধতন কৰ্তৃপক্ষক অৱগত কৰিব বুলি সদৰি কৰে । ইয়াৰোপৰি ভিচিডিচি সদস্য কবাদ আলী মোল্লাৰ বিৰুদ্ধে জিলা কৃষি বিভাগৰ পৰা মুছলিম বস্তী এলেকাৰ খেতিয়ক সকলৰ বাবে যোগান ধৰা ৬০ কিলোগ্ৰাম ধানৰ বীজ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ৰাইজে খবৰ লাভ কৰি ধানৰ বীজ বিচাৰি যোৱাত কবাদ আলী মোল্লাই ধানৰ বীজ নাই বুলি ওভতাই পঠিয়াইছিল ।

কিন্তু সোমবাৰে নিশা গাঁৱত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি ভিচিডিচি সদস্য জনৰ দুৰ্নীতিৰ কথা সংবাদ মাধ্যম যোগে ফাদিল কৰাৰ কথা কোৱাত আজি ৰাতিপুৱা বাধ্যত পৰি ধানৰ বীজ ঘৰৰ পৰা ওলাই আনি ৰাইজক গতাই দিয়ে । আনহাতে স্থানীয় ৰাইজৰ অভিযোগ যে, এই দুৰ্নীতিগ্ৰস্ত ভিচিডিচিৰ সদস্যজনৰ বিৰুদ্ধে অতি সোনকালেই বিভাগীয় কৰ্তৃপক্ষক ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

চিৰাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ পৰা ধন দাবী কৰাৰ অভিযোগ
চাৰিমুঠিয়াত পানী পৰি এজনৰ মৃত্যু

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in