প্ৰসংগ- চুপাৰি মাফিয়াক ধন দাবীঃ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক তলব CIDৰ

প্ৰসংগ- চুপাৰি মাফিয়াক ধন দাবীঃ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক তলব CIDৰ

ডিজিটেল ডেস্কঃ সদ্য বদলিপ্ৰাপ্ত বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক চি আই ডিৰ তলব। শুকুৰবাৰে নিশা প্ৰায় ৮.৩০ বজাৰ পৰা চি আই ডি তলব কৰিছে আৰক্ষী বিষয়াগৰাকীক। জানিব পৰা মতে নিশাই স্বাস্থ্য পৰীক্ষাৰ বাবেও নিয়া হ'ব সিদ্ধাৰ্থ বুঢ়াগোহাঁইক।

উল্লেখ্য যে, শুকুৰবাৰৰ দিনটোত চুপাৰি মাফিয়াক ধন দাবী কৰাৰ অভিযোগত বজালীৰ ডি এছ পিকে ধৰি কেইবাগৰাকীও আৰক্ষী বিষয়াক আটক কৰিছিল চি আই ডিয়ে। ইয়াৰ পাছতেই আবেলিৰ ভাগত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলিৰ নিৰ্দেশ দিয়া হৈছে সিদ্ধাৰ্থক। সিদ্ধাৰ্থৰ বিপৰীতে বজালীৰ নতুন আৰক্ষী অধীক্ষক হিচাপে আজাগৱাৰণ বসুমতাৰীক নিযুক্তি দিয়া হয়।

নিশালৈ এই ঘটনাত নাম সাঙুৰ খাই বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁয়ো চি আই ডি ওচৰত হাজিৰ হ'ব লগা হয়। অৱশ্যে আৰু কেইবাটাও বিষয়ত সিদ্ধাৰ্থক চি আই ডিয়ে তলব কৰিছে বুলি জানিব পৰা গৈছে যদিও সেই বিষয়সমূহ বৰ্তমানেও গোপন কৰি ৰাখিছে চি আই ডিয়ে।

প্ৰসংগ- চুপাৰি মাফিয়াক ধন দাবীঃ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক তলব CIDৰ
নলবাৰীত 'ক্ৰীড়াংগন' উন্মোচন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in