নলবাৰীত 'ক্ৰীড়াংগন' উন্মোচন...

নলবাৰীত 'ক্ৰীড়াংগন' উন্মোচন...

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী ক্ৰীড়া সন্থাৰ বাৰ্ষিক সাধাৰণ সভাৰ লগত সংগতি ৰাখি শুকুৰবাৰে সন্ধিয়া নলবাৰী নাট্য মন্দিৰত নলবাৰী ক্ৰীড়া সন্থাৰ বাৰ্ষিক মুখপত্ৰ 'ক্ৰীড়াংগন' আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। সন্থাৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখপত্ৰখন উন্মোচন কৰে। উল্লেখ্য যে 'ক্ৰীড়াংগন'ৰ সম্পাদনা সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক চন্দন চক্ৰৱৰ্তী ।

মুখপত্ৰ উন্মোচন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে- গ্ৰন্থৰ মাজেদি আমি সকলোৱে ইতিহাস লিপিবদ্ধ কৰিব পাৰো। আমি সমাজৰ বাবে অতীতত কি কৰিলো সেয়া লিপিবদ্ধ কৰিবৰ বাবে অনুষ্ঠানসমূহে স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিব লাগে। খেলুৱৈ জন্ম দিব পৰাতহে ক্ৰীড়া সন্থাৰ সাৰ্থকতা বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। লগতে তেওঁ কয় যে- ক্ৰীড়াৰ কোনো সীমা নাই, নাই কোনো পৰিধি।

নলবাৰীত 'ক্ৰীড়াংগন' উন্মোচন...
অৱশেষত ঘিলামৰা আৰক্ষীৰ জিম্মাত "লেডী ডন"

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in