/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/25f17e0e-7675-48be-a7c1-a7b78380c5f6/3.jpg)
ডিজিটেল ডেস্কঃ কামৰূপৰ সোণতলীত আৰক্ষীয়ে ধ্বংস কৰিলে চোৰাং চুপাৰি। আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছিল চুপাৰিখিনি। মঙলবাৰে আৰক্ষীয়ে জ্বলাই দিয়ে ১৫ লাখ টকাৰ জব্দকৃত চোৰাং চুপাৰিখিনি।
জানিব পৰামতে, সোণতলী আৰক্ষীয়ে ৭ জুনত জব্দ কৰিছিল ৭,৪৪০ কিলোগ্রাম চোৰাং চুপাৰি। ফৰেনচিক পৰীক্ষাৰ অন্তত ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ধ্বংস কৰা হয় চুপাৰিখিনি।
Also Read: মহানগৰীৰ পাঞ্জাবাৰীত বিধ্বংসী অগ্নিকাণ্ড : আঁতচবাজীৰ পৰাই অগ্নিসংযোগৰ সন্দেহ