/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/02160501-c7be-4fc8-9fb8-96cedab1a0b1/summer_camp.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ গৰম বন্ধৰ কালছোৱাত বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে গীত-নৃত্য-নাটক,কলা আদিৰ কৰ্মশালা। ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত শিক্ষাৰ্থীসকলৰ বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ চাৰুকলা আৰু আনুসংগিক শাৰিৰীক,বৌদ্ধিক প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে গোবিন্দপুৰ এম ভি স্কুলত অনুষ্ঠিত কৰা হৈছিল গ্ৰীষ্মকালীন শিবিৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/420faefd-79bd-4a39-84cd-415f0d94792c/c7e4b1b7_3939_45b9_a19d_c895df86803d.jpg)
যোৱা ৩ জুলাইৰ পৰা অনুষ্ঠিত হোৱা এই শিবিৰৰ শুক্ৰবাৰে সফল সামৰণি মৰা হয় । বিশিষ্ট নাগৰিক,অৱসৰপ্ৰাপ্ত শিক্ষক ভূষণ কোচৰ সভাপতিত্বত আয়োজন কৰা হয় সামৰণি অনুষ্ঠান। এই অনুষ্ঠানৰ মুকলি সভাখন বিদ্যালয়খনৰ উচ্চ শাখাৰ প্ৰশিক্ষাৰ্থী ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত এটি বৰগীতৰে উদ্বোধন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/20958911-aedd-450a-bfcc-d4e1ad5716ed/1c7b37d7_e672_4731_bedd_d99bbd76fab6.jpg)
উক্ত সভাত ভোগেশ্বৰী গগৈ,থানেশ্বৰ বৰা,দিব্য কুমাৰ বৰুৱা,সমৰ জ্যোতি ফুকন, ৰোহিনী পেগু,ৰেণু মণি দত্ত,মিনু মণি বৰুৱা,গুণ দত্ত, ৰাজদ্বীপ বড়া,বিশ্বজিৎ বৰুৱা,হেমন্ত কুমাৰ বৰুৱাৰ লগতে ভালেসংখ্যক অভিভাৱক,শিক্ষনুৰাগী ৰাইজ উপস্থিত থাকে। মজলীয়া স্তৰৰ শিক্ষাৰ্থীসকলৰ বিদ্যাতনিক দিশত সহায়ক হোৱাকৈ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহযোগত আয়োজিত এই কৰ্মশালাত বৃহত্তৰ অঞ্চলটোৰ ডেৰ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a4a8a5f6-ea60-46b6-87e8-93c5e96f9c14/6839a140_bd11_4de0_8c02_ed7668718be2.jpg)
কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে শিক্ষবিদ থানেশ্বৰ বৰাই। শিক্ষক বৰাই এনে জ্ঞানোৎকর্ষ গীত নৃত্য,বাদ্য,যোগাসন,হস্তলিপিৰ প্ৰণালীবব্ধ প্ৰশিক্ষণে উঠি অহা প্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতত নতুন জ্ঞান নিৰ্দেশনা প্ৰদান কৰিব মন্তব্য কৰে। উল্লেখযোগ্য যে এই কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিবেশিত বৰগীত, জ্যোতি সংগীত, ৰাভা সংগীত,খগেন মহন্তৰ সংগীত আদিৰ লগতে যোগাসন ,আধুনিক নৃত্যই সামৰণি অনুষ্ঠানতো জীপাল কৰি তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1bdd896d-7144-43ee-8d04-c10d11a0d70f/cc08b3ec_ba32_4191_85da_ec7412ccd199.jpg)
সামৰণি অনুষ্ঠানত শিক্ষক তথা প্ৰশিক্ষক ৰাজদ্বীপ বড়া আৰু বিশেষভাৱে সক্ষম ছাত্ৰ- ছাত্ৰীৰ শিক্ষা আৰু অভিভাৱকৰ সজাগতা সন্দৰ্ভত সমল ব্যক্তি সৌৰভ জ্যোতি পাঁচনিয়ে চমু বক্তব্য ৰাখে । বিদ্যালয় কৰ্তৃপক্ষৰ নিজস্ব উদ্যোগত আয়োজিত এই কৰ্মশালাত অংশগ্ৰহণ কৰি ভালেকেইগৰাকী অভিভাৱকে বিদ্যালয় পৰিয়ালৰ এনে সময়োপযোগী পদক্ষেপৰ শলাগ লৈ ছাত্ৰ-ছাত্ৰীসকল বহুলাংশে উপকৃত হোৱা বুলি মন্তব্য কৰাৰ লগতে এনে শিবিৰৰ প্ৰাসঙ্গিকতা দোহাৰে।
Also Read: নাহৰকটীয়াৰ সত্ৰীয়া জ্যোতি কলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস