নাহৰকটীয়াৰ সত্ৰীয়া জ্যোতি কলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস

নাহৰকটীয়াৰ সত্ৰীয়া জ্যোতি কলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস

author-image
Asomiya Pratidin
New Update
নাহৰকটীয়াৰ সত্ৰীয়া জ্যোতি কলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস

ডিজিটেল ডেস্ক : 'দ্ৰোণ ভাগৱতী পাৰুল ভাগৱতীৰ স্মৃতি ন্যাস'ৰ দ্বাৰা পৰিচালিত সত্ৰীয়া জ্যোতি কলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস। অহা ১৫ জুলাইত নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় বিনোদন কক্ষত জ্যোতি কলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে।

Advertisment

উদ্যোক্তাই জানিবলৈ দিয়া অনুসৰি, দিনৰ ১ বজাৰ পৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰা হ'ব। উক্ত অনুষ্ঠানত জ্যোতি কলা কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নৃত্য-গীতৰ আয়োজন কৰা হৈছে। ইয়াৰোপৰি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নাহৰকটীয়াৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব।

উল্লেখ্য যে এই প্ৰতিষ্ঠানটো মূলতঃ নৃত্য,গীত আৰু বাদ্যৰ প্ৰশিক্ষণ কেন্দ্ৰ। জ্যোতি কলা কেন্দ্ৰৰ প্ৰতি থকা প্ৰশিক্ষক,প্ৰশিক্ষাৰ্থী আৰু অভিভাৱকৰ আস্থাৰ বলতেই অনুষ্ঠানটিয়ে প্ৰথমটো বছৰত ভৰি দিয়া বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

Also Read: দেশৰ আশা আৰু সপোন কঢ়িয়াই জোনবাইৰ দেশলৈ চন্দ্ৰযান-৩ : প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা বাৰ্তা

naharkatiya