হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত ৪৩ বস্তা চোৰাং চেনী জব্দ

হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত ৪৩ বস্তা চোৰাং চেনী জব্দ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ অসম-বাংলাদেশ সীমান্তয়েদি চোৰাং পশুধন, ড্ৰাগছ, ভাং আদি সৰবৰাহ হোৱাৰ সমান্তৰালভাৱে এইবাৰ চেনী সৰবৰাহৰ কাৰবাৰ ব্যাপক হাৰে বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাত থকা ব্ৰহ্মপুত্ৰয়েদি প্ৰতিনিশা শ শ বস্তা চেনী বাংলাদেশলৈ সৰবৰাহ হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

চোৰাং চেনী সৰবৰাহ হোৱাৰ গোপন তথ্য সুখচৰ আৰক্ষীয়ে লাভ কৰি কালি সন্ধিয়াৰ ভাগত ব্ৰহ্মপুত্ৰৰ মাজত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ এই অভিযানত ৪৩ বস্তা চোৰাং চেনী ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ পৰা উদ্ধাৰ হৈছে। চোৰাং চেনীখিনি সুখচৰৰ হাজিৰহাট এলেকাৰ পৰা বাংলাদেশ সীমান্তলৈ নি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে।

প্ৰাপ্ত বাতৰি মতে, চেনীৰ বস্তাখিনি খিনি পলিথিনেৰে বান্ধি পানীত উপঙাই নাওঁ এখনত বান্ধি দিছিল। খালী নাওঁ সীমান্তৰ ফালে যোৱাৰ ফলত আৰক্ষীয়ে সন্দেহ কৰিব নোৱাৰিব বুলি ধাৰণা কৰিছিল যদিও ব্ৰহ্মপুত্ৰত বস্তা উপঙি থকা দেখি আৰক্ষীয়ে চেনীখিনি জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমানে হাজিৰহাট, সুখচৰ এলেকাৰ পৰা প্ৰতিনিশা শ শ বস্তা চোৰাং চেনী বাংলাদেশ নদী পথেৰে সৰবৰাহ কৰা হয়। ভাৰতীয় বজাৰতকৈ ৩গুন অধিক দাম বাংলাদেশত চেনী বিক্ৰী কৰা হয়। একাংশ গো-মাফিয়াই পশুধনৰ সমান্তৰালভাৱে চেনী সৰৰাহত জড়িত হৈ পৰিছে।

বিশেষ সুত্ৰে জানিব পৰা মতে, ১ নাওঁ পশুধন আৰক্ষীয়ে জব্দ কৰিলে গোমাফিয়াৰ বহুত লোকচান হয়। কিন্তু ১ নাওঁ চেনী ধৰা পৰিলে সামান্য লোকচান হ'লেও দ্বিতীয়বাৰ চেনী সৰবৰাহ কৰিবলৈ সক্ষম হ'লে লোকচানৰ ধন উঠি আহে। কম মুলধন ব্যৱহাৰ কৰি অধিক উপাৰ্জনৰ বাবে এইদৰে সৰবৰাহকাৰীয়ে চেনী সৰবৰাহৰ কাৰবাৰ আৰম্ভ কৰা বুলি জনা গৈছে।

হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত ৪৩ বস্তা চোৰাং চেনী জব্দ
চিৰাঙৰ কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰসূতিৰ অকাল মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in