সোনাইপৰীয়া ৰঙালী বিহু উৎসৱৰ সফল সামৰণি

সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী গীতালি দেৱী আৰু বিউটি বাইলুং খ্যাত চুমকী শইকীয়াৰ অনুষ্ঠানে সহস্ৰাধিক দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে
সোনাইপৰীয়া ৰঙালী বিহু উৎসৱৰ সফল সামৰণি

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ ৰাইদঙীয়াৰ ক’ৰচুং সত্ৰ ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সোনাইপৰীয়া ৰঙালী বিহু উৎসৱৰ শনিবাৰে নিশা সামৰণী পৰে। দুদিনীয়াকৈ অনুষ্ঠিত বিহু উৎসৱৰ কাৰ্যসূচী অনুসৰি ৫ মে'ৰ পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু ছহিদ তৰ্পণ, মাৰাথন দৌৰৰ লগতে শিশু, ছাত্ৰ-ছাত্ৰী আৰু বোৱাৰীসকলৰ মাজত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হয় ৷

সমিতিয়ে জানিবলৈ দিয়া অনুসৰি দুপৰীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ লগতে বিয়লি পিঠা-পনা আৰু আঞ্চলিক ভিত্তিত জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত দিনা সন্ধিয়া বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত স্থানীয় শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানৰ দ্বিতীয় দিনা সন্ধিয়া জাতীয় সাজ-পাৰ পৰিধান প্ৰতিযোগিতাৰ পাছত, সাংবাদিক দিব্যজ্যোতি বৰুৱাৰ পৰিচালনাত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কৌশিক কলিতা সোঁৱৰণীত অনুষ্ঠিত মুকলি কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ভাৰ্গৱ আদিত্য বৰুৱা, দ্বিতীয় স্থান লাভ কৰে প্ৰিয়ম্বদা কাশ্যপ আৰু তৃতীয় স্থান লাভ কৰে জ্যোতিৰ্ময়ী বৰুৱাই।

আনহাতে নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী গীতালি দেৱী আৰু বিউটি বাইলুং খ্যাত চুমকী শইকীয়াৰ অনুষ্ঠানে সহস্ৰাধিক দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে।

সোনাইপৰীয়া ৰঙালী বিহু উৎসৱৰ সফল সামৰণি
প্র'টেক হাউছিঙৰ অনিয়মৰ অভিযোগঃ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান আপৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in