/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0afee29d-a789-467a-90a0-474b5bb12683/aap_assam.jpg)
ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান আপৰ
ডিজিটেল ডেস্কঃ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক আম আদমি পাৰ্টীৰ স্মাৰক পত্ৰ প্ৰদান। দেওবাৰে আম আদমি পাৰ্টীৰ উপ-সভাপতি জিতুল ডেকাৰ নেতৃত্বত যোৱা এক প্রতিনিধি দলে মহানগৰীৰ অনিল নগৰত মন্ত্ৰী অশোক সিংহালৰ পুত্ৰ মালিকনাধীন প্র’টেক হাউছিঙে নিয়ম বহির্ভূতভাৱে ২২ মহলীয়া অট্টালিক নিৰ্মাণৰ অনিয়ম সন্দৰ্ভত হস্তক্ষেপ বিচাৰি অসমৰ ৰাজ্যপালগৰাকীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
উল্লেখ্য যে মহানগৰীৰৰ অনিল নগৰত মন্ত্ৰী অশোক সিংঘালৰ পুত্ৰৰ প্ৰতিষ্ঠান প্র'টেক হাউছিঙে অনিয়মেৰে ২২ মহলীয়া অট্টালিকা নিৰ্মাণ কৰি আছে সেই কথা সংবাদ মেলযোগে আপ অসমে ৰাজহুৱা কৰিছিল। এই সন্দৰ্ভত যোৱা ২ মে'ত আপে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিছিল।
স্মাৰক পত্ৰৰ বিষয় সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ কৰি আলোচনা কৰিবৰ বাবে আজি আপ অসমৰ এটি সজাতি দলক ৰাজভৱনলৈ আমন্ত্রণ জনায়। সেই উদ্দেশ্যেৰে দেওবাৰে আপৰ প্ৰতিনিধি দলটোৱে ৰাজ্যপালৰ লগত এক আলোচনাত মিলিত হয় বুলি আপ অসমে জানিবলৈ দিয়ে।
প্ৰতিনিধি দলটোৱে প্র’টেক হাউচিঙৰ কেলেংকাৰীৰ লগতে ৰাজ্যৰ আন কেতবোৰ সমস্যাৰ সমাধানৰ বাবে ৰাজ্যপাল কাটাৰিয়াক স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে জি এম ডি এ আৰু গুৱাহাটী পৌৰ নিগমৰ সকলো নীতি নিয়ম জলাঞ্জলি দি গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে তেওঁৰ পুত্ৰৰ মালিকনাধীন প্র'টেক হাউছিং নামৰ প্ৰতিষ্ঠানটোক অনিল নগৰত ২২ মহলীয়া অট্টালিক নিৰ্মাণৰ অনুমতি দিয়াৰ বিৰুদ্ধে ৰাজ্যপাল মহোদয়ৰ হস্তক্ষেপ বিচাৰে দলটোৱে।
কাৰণ নির্মীয়মান অট্টালিকাটোৰ পথৰে এখন অগ্নিনির্বাপক বাহিনীৰ গাড়ীৰ লগতে ২খন চাৰিচকীয়া বাহন একেলগে পাৰ হ'ব নোৱাৰা পথটোত অইন সাধাৰণ লোকক প্রথম বা দ্বিতীয় মহলাতকৈ বেছি উচ্চতাৰ ঘৰ নিৰ্মাণৰ অনুমতি প্ৰদান কৰা নাই। স্মাৰকপত্ৰৰ জৰিয়তে ৰাজ্যত বৃদ্ধি পোৱা নাৰী ও শিশু নির্যাতন, ধৰ্ষণ আদি ৰোধৰ বাবে ব্যৱস্থা লোৱা, মহানগৰ বাসিন্দাৰ খোৱা পানীৰ সমস্যা, বর্ধিত বিদ্যুৎ মাছুল, চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা, নিযুক্তি পৰীক্ষাৰ কেবাটাও পদত এজন প্ৰাৰ্থী বাছনি হোৱাৰ বিপৰীতে অপেক্ষাৰ তালিকাৰ ব্যৱস্থা কৰা আদি বিষয় আলোচনা কৰা হয় বুলি জনায়।
ৰাজ্যপাল কাটাৰীয়াই বিষয়সমূহ পর্যবেক্ষণ কৰি পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়া বুলি সাংবাদিকৰ আগত আম আদমি পাৰ্টীৰ উপ-সভাপতি জিতুল ডেকাই প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us