বিটিআৰ গোৰ্খা সমাজ কেন্দ্ৰীয় সমিতিৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি...

বিটিআৰ গোৰ্খা সমাজ কেন্দ্ৰীয় সমিতিৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি...

ডিজিটেল সংবাদ, চিদলীঃ চিৰাং জিলাৰ শান্তিপুৰত অনুষ্ঠিত বিটিআৰ গোৰ্খা সমাজ কেন্দ্ৰীয় সমিতিৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশন দুদিনীয়া বহল কাৰ্যসূচীৰে দেওবাৰে সফলতাৰে সামৰণি পৰে।অধিৱেশনৰ কাৰ্যসূচী অনুসৰি শনিবাৰে নিশা ৯ বজাত সংঘৰ সভাপতি উত্তম প্ৰধানৰ অধ্যক্ষতাত প্ৰতিনিধি তথা বিষয় বাচনি সভা অনুষ্ঠিত হয়। সভাত সাধাৰণ সম্পাদকৰ সম্পাদকীয় প্রতিবেদন পাঠ, আলোচনা আৰু অনুমোদন কৰাৰ পাছত উত্তম প্রধানক সভাপতি, ডিম্বেশ্বৰ উপাধ্যায়ক কার্যকৰী সভাপতি আৰু দীপক নিৰোলাক সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তুক কাৰ্যকালৰ বাবে বিটিআৰ গোর্খা সমাজৰ ৩১ জনীয়া কার্যনির্বাহক সমিতি গঠন কৰা হয়৷

আজি বিয়লি ১ বজাত বিটিআৰৰ গোৰ্খা সমাজৰ সভাপতি উত্তম প্ৰধানৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ মুৰব্বী প্ৰমোদ বডো। এই উপলক্ষে উপস্থিত থকা নাগৰিকসকলক সম্বোধন কৰি মুখ্য অতিথি বডোৱে কয়, ‘বিটিআৰ অঞ্চলৰ গোৰ্খা সম্প্ৰদায়ৰ প্ৰতি আমাৰ সম্পূৰ্ণ শ্ৰদ্ধা আছে, কাৰণ ইয়াৰ গোৰ্খাসকলে অতি আন্তৰিকতাৰে বডোলেণ্ড আন্দোলনত সম্পূৰ্ণৰূপে সহায় কৰিছিল। শান্তিৰ প্ৰিয় গোৰ্খা সম্প্ৰদায় উন্নয়ন অবিহনে বিটিচিৰ উন্নয়ন সম্ভব নহয়৷ এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি গোৰ্খাৰ সমস্যা সমাধানৰ বাবে পাঁচজনীয়া এখন সমিতি গঠন কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে।

বিটিচি প্ৰমুখগৰাকীয়ে দাবী অনুসৰি বিটিআৰ কাউন্সিল এলেকাৰ গোৰ্খাসকলৰ মাজত আসন সুৰক্ষাৰ ব্যৱস্থাৰ সৈতে জড়িত বিষয়েটো আলোচনা কৰা হ'ব বুলিও সদৰি কৰে। তেওঁ আৰু কয় যে পূৰ্বৰ চৰকাৰৰ তুলনাত বৰ্তমানৰ পৰিষদীয় চৰকাৰে নাগৰিকক অধিক সকাহ দিছে। বিগত তিনি বছৰত বিটিচি চৰকাৰে এক লাখ বিশ হাজাৰ ভূমি পট্টা প্ৰদান কৰিছে আৰু আগন্তুক দিনত আৰু প্ৰদান কৰাৰ আঁচনিৰ কথাও উল্লেখ কৰে৷ লগতে বিটিচি চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নমুখী আঁচনিৰ বিষয়েও তেওঁ আলোকপাত কৰে।

কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপক নিৰোলাই পৰিচালনা কৰা বৈঠকত নিৰ্দিষ্ট বক্তা হিচাপে বিটিআৰৰ গোৰ্খা সমাজৰ উপদেষ্টা লোহিত উপ্ৰেতি, বিশেষ অতিথি হিচাপে কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী, অসম নেপালী সাহিত্য সভাৰ উপ সভাপতি ভৱানী প্ৰসাদ শৰ্মা আদিয়েও ভাষণ দিয়ে। এই উপলক্ষে কাউন্সিলাৰ মাধৱ ছেত্ৰী, গোৰ্খা নেতা দিলু শৰ্মা, কেদাৰ পাণ্ডে, ৰোহিত ভুজেল আদি বহু সন্মানীয় ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ মাজতে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

বিটিআৰ গোৰ্খা সমাজ কেন্দ্ৰীয় সমিতিৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি...
লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in