লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ...

লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ...

ডিজিটেল সংবাদ,ঢকুৱাখনা: যিমানেই লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই ১২ নং লখিমপুৰ লোকসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভেঁটি উচন যোৱাৰ উপক্ৰম ঘটিছে। ইজনৰ পাছত সিজনকৈ বহু সংখ্যক দলীয় শীর্ষ নেতৃত্বই কংগ্ৰেছ দল আৰু পদ ত্যাগ কৰাৰ যেন এক অবাঞ্চিত ধাৰা অব্যাহত আছে। শেহতীয়া ভাবে দলৰ সাংগঠনিক ভেঁটি কম্পিত কৰি লখিমপুৰ জিলা যুৱ কংগ্ৰেছ সমিতিৰ এজন সাধাৰণ সম্পাদকে দলটোৰ বহু কেইটা গুৰুত্বপূৰ্ণ পদ ত্যাগ কৰাৰ তথ্য আহিছে।

লখিমপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ প্ৰাৰ্থীত্বৰ পাছতেই দলীয় প্ৰাৰ্থী গৰাকীয়ে প্ৰদৰ্শন কৰা নিষ্ক্ৰিয় আৰু ন্যস্ত স্বাৰ্থ লোভী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ এইবাৰ দলীয় পদ ত্যাগ কৰিছে জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেশৱ কুমাৰ নাথে। জিলা যুৱ কংগ্ৰেছৰ মুখপাত্ৰ , জিলাৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ প্ৰশাসনিক সাধাৰণ সম্পাদক তথা ৰাহুল গান্ধী বিচাৰ মঞ্চৰ সভাপতিৰ দৰে দায়িত্বশীল পদ সততা আৰু নিষ্ঠাৰে পালন কৰি অহা যুৱনেতা কেশৱ কুমাৰ নাথে উক্ত সকলো দলীয় পদ ত্যাগ কৰিছে।

দেওবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বার্তাত জিলা কংগ্ৰেছৰ সক্ৰিয় নেতা নাথে প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰা ,সাংসদ প্ৰাৰ্থী হাজৰিকাই দলৰ ভৱিষ্যত অন্ধকাৰাচন্ন কৰি লোকসভা সমষ্টিটোকলৈ আৰম্ভ কৰা নিকৃষ্ট ৰাজনীতিৰ প্ৰতিবাদ জনাই দলৰ সকলো বিষয়বাব ত্যাগ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

দলৰ নীতি নিষ্ঠ যুৱ প্ৰজন্মৰ ৰাজনৈতিক ভৱিষ্যতকলৈ নির্লজ হেতালি খেলি এই দুই ছদ্মবেশী কংগ্ৰেছ নেতাই লখিমপুৰ লোকসভা সমষ্টিটোত দলৰ পৰাজয় নিশ্চিত কৰাৰো অভিযোগ উত্থাপন কৰি এনে নীতি বিৰুদ্ধ চক্ৰান্তৰ অংশীদাৰ নোহোৱাৰ বাবেই দলীয় সকলো পদৰ পৰা অব্যাহতি লোৱা বুলি জানিবলৈ দিয়ে সদ্য পদত্যগী জিলা যুৱ কংগ্ৰেছৰ নেতা জনে। এই সন্দৰ্ভত জিলা কংগ্ৰেছ সমিতি ,জিলা যুৱ কংগ্ৰেছ সমিতি আদি সকলোলৈকে পত্ৰ প্ৰেৰণ কৰা বুলি জনালে নাথে।

স্মৰ্তব্য যে দলীয় প্ৰাৰ্থী হাজৰিকাৰ প্ৰাৰ্থীত্বকলৈ মেৰু বিভাজন ঘটা লখিমপুৰ জিলা কংগ্ৰেছৰ লগতে বিভিন্ন ব্লক কংগ্ৰেছৰ নীতিনিষ্ঠ তৃণমূল কৰ্মী সকল দলীয় নেতৃত্বৰ ধাৰাবাহিক দল পদ ত্যাগৰ পাছত আশাহত হৈ পৰা পৰিলক্ষিত হৈছে । এই দলত্যাগৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি অচিৰেই কংগ্ৰেছ দলৰ বৃহৎ সংখ্যক নেতা কৰ্মীয়ে সমূহীয়াকৈ কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা দলত যোগদান কৰাৰ এক আভ্যন্তৰীণ কুচ কাৱাজ আৰম্ভ কৰাৰো ইংগিত পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in