/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ff571c9c-a943-45ef-8118-2f607ab04de6/pritam.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰীতম নাৰ্জাৰীয়ে। কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰীতম নাৰ্জাৰীয়ে মঙলবাৰে ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ইংৰাজী বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি মহাবিদ্যালয় তথা অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিছে।
প্ৰীতম নাৰ্জাৰীয়ে ইংৰাজী বিষয়ত ১০০ নম্বৰৰ ভিতৰত ৯৮ নম্বৰ লাভ কৰিছে । কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° বনবিনা ব্ৰহ্মই প্ৰীতম নাৰ্জাৰীৰ সফলতাত অভিনন্দন জ্ঞাপন কৰে।
পৰীক্ষাৰ সময়ত প্ৰীতমৰ পিতৃ গুৰুতৰভাৱে অসুস্থ নহ'লে স্থানপ্ৰাপকৰ তালিকাত প্ৰীতম নাৰ্জাৰীৰ নামটো চোৱাৰ সৌভাগ্য হ'লহেতেন বুলি মন্তব্য কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° বনবিনা ব্ৰহ্মই । উল্লেখ্য যে, প্ৰীতম নাৰ্জাৰীয়ে ইংৰাজীত ৯৮ , পদাৰ্থ বিজ্ঞানত ৯২, জীৱবিজ্ঞানত ৯৪, ৰসায়ন বিজ্ঞানত ৮৮ আৰু ঐচ্ছিক ইংৰাজীত ৮৭ নম্বৰৰে সৰ্বমুঠ ৪৫৯ নম্বৰ লাভ কৰে ।
মেধাৱী ছাত্ৰগৰাকীয়ে ৯১.৮ শতাংশ লাভ কৰি পৰীক্ষাত উত্তীৰ্ণ হয় । ভৱিষ্যতে প্ৰীতম নাৰ্জাৰী চিকিৎসক হোৱাৰ মন।