ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়ামত চলি থকা ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) প্রতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা দুখন খেলৰ প্ৰথম খেলখনত ঘৰুৱাদল অসমে তামিলনাডুক পৰাজিত কৰি প্ৰতিযোগিতাখনত একেৰাহে দ্বিতীয়টো জয়ৰ সোৱাদ লাভ কৰিছে। দৈনিক দুখনকৈ খেল অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ আজিৰ গ্ৰুপ ‘এ’ প্ৰথম খেলখনত অসম আৰু তামিলনাডুৰ মাজত আনহাতে দ্বিতীয়খন মধ্য প্ৰদেশ আৰু লাক্ষাদ্বীপৰ মাজত অনুষ্ঠিত হয়।
আজি অনুষ্ঠিত প্ৰথম খেলখনত আয়োজক অসমে এক দৰ্শনীয় খেল খেলি তামিলনাডুক ৩-২ গ'লৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। খেলখনত অসম দলৰ হৈ ক্ৰমে খেলৰ ১৭ মিনিটত টমাচ দৈমাৰীয়ে, তন্ময় বৰুৱাই ৬৩ মিনিটত আৰু উদয়নে ৬৭ মিনিটত এটাকৈ গ’ল দিয়াৰ বিপৰীতে তামিলনাডুৰ হৈ গ’ল দুটা দিয়ে অজয় কৃষ্ণই খেলৰ ২৩ মিনিটত আৰু আকলউইন যোচেফে ৯০ মিনিটত।
ইফালে আজিৰ দ্বিতীয়খন খেল লাক্ষাদ্বীপ আৰু মধ্যপ্ৰদেশৰ মাজত অনুষ্ঠিত খেলখনত লাক্ষাদ্বীপে মধ্যপ্ৰদেশক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। লাক্ষাদ্বীপৰ হৈ গ’ল দুটা দিয়ে দলটো অধিনায়ক থৌফিক কি’য়ে খেলৰ ২০ আৰু ৩৮ মিনিটত।
এদিনৰ বিৰতিত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ পৰৱৰ্তী খেল ১১ ছেপ্টেম্বৰত যোৰহাট ষ্টেডিয়ামত গ্ৰুপ ‘এ’ৰ দুখন খেল অনুষ্ঠিত হ’ব আৰু তাৰে প্ৰথমখন খেল তামিলনাডু আৰু মধ্যপ্ৰদেশ মাজত। দ্বিতীয়খন খেল তেলেংগানা আৰু অসমৰ মাজত হোৱাৰ বিপৰীতে সেইদিনা মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত গ্ৰুপ ‘চি’ৰ দুখন খেল অনুষ্ঠিত হ’ব। তাৰে প্ৰথমখন পণ্ডিচেৰী আৰু উত্তৰাখাণ্ডৰ মাজত। দ্বিতীয়খন জম্মু-কাশ্মীৰ আৰু ৰাজস্থানৰ মাজত।