বৰলুইতৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ফকিৰগঞ্জৰ পৰা দিছপুৰলৈ চাৰি ছাত্ৰৰ যাত্ৰৰ পদযাত্ৰা

ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা আৰু গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত বৰলুইতে চলাই অহা গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত দেওবাৰে ফকিৰগঞ্জ ছাত্ৰ সংগঠনৰ ৪ গৰাকী ছাত্ৰই ফকিৰগঞ্জৰ পৰা দিছপুৰলৈ এক পদযাত্ৰা উলিয়ায়।
বৰলুইতৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ফকিৰগঞ্জৰ পৰা দিছপুৰলৈ চাৰি ছাত্ৰৰ যাত্ৰৰ পদযাত্ৰা

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা আৰু গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত বৰলুইতে চলাই অহা গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত দেওবাৰে ফকিৰগঞ্জ ছাত্ৰ সংগঠনৰ ৪ গৰাকী ছাত্ৰই ফকিৰগঞ্জৰ পৰা দিছপুৰলৈ এক পদযাত্ৰা উলিয়ায়।

উল্লেখযোগ্য যে ফকিৰগঞ্জ ছাত্ৰ সংগঠনৰ অধীনত থকা ছাত্ৰ-ছাত্ৰী সকলে আজি পুৱাৰ ভাগত ফকিৰগঞ্জ এলেকাত উপস্থিত হৈ বিভিন্ন শ্লোগানেৰে দক্ষিণ শালমাৰা, জলেশ্বৰ সমষ্টিৰ বৰলুইতৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায়। পুৱা ৮ বজাত এই প্ৰতিদাবী শ্লোগানৰ পাছত ছাত্ৰ সংগঠনটোৰ চাৰি গৰাকী ছাত্ৰ বেনাৰ এখন লৈ ফকিৰগঞ্জৰ পৰা দিছপুৰলৈ পদযাত্ৰা আৰম্ভ কৰে।

ফকিৰগঞ্জস্থিত হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেনীৰ ছাত্ৰ মালেক মোল্লাৰ নেতৃত্বত উলিওৱা এই পদযাত্ৰাত মালেক মোল্লা সহ মুঠ ৪ গৰাকী ছাত্ৰ অংশগ্ৰহন কৰে। ছাত্ৰ কেইজনে ফকিৰগঞ্জৰ পৰা ৬ দিন পদযাত্ৰা কৰি দিছপুৰত গৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ বাবে এই কাৰ্যসূচী হাতত লয়। ছাত্ৰ কেইজনৰ দাবী ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টি আৰু গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ বৰলুইতৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে।

বাৰিষাৰ কালৰ সমান্তৰালভাবে খৰাং তথা শীতৰ মাজতো সমষ্টি দুখনৰ ঠায়ে ঠায়ে বৰলুইতৰ খহনীয়া চলি আছে। খহনীয়া যেতিয়া ভয়াবহ হয় তেতিয়া জিলা প্ৰশাসনে সামান্য টকা খৰচ কৰি খহনীয়াৰ অস্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰে যদিও কিছুদিন পাছত পুনৰ খহনীয়া আৰম্ভ হয়।

বিগত ৮-১০ বছৰৰ ভিতৰত সমষ্টি দুখনত প্ৰায় ১০ সহস্ৰাধিক পৰিলায়ৰ ঘৰ দুৱাৰ, কেবাটাও ঐতিহাসিক বিদ্যালয়, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, বজাৰ তথা বাট-পথ নদীৰ বুকুত বিলীন হৈ গৈছে। নদীৰ বুকুত জাহ যোৱা পৰিয়াল মাটি ভেটি হেৰুৱাই বৰ্তমানলৈকে আশ্ৰয়হীন হৈ আছে। কোনোমতে খেতি কৰা মাটি ভাড়া লৈ অস্থায়ী ভাৱে আশ্ৰয় লৈ বসবাস কৰাৰ লগতে আন একাংশ জনে মেঘালয়ৰ গাৰো পাহাৰত অস্থায়ী ভাৱে আশ্ৰয় ল'বলগীয়া হৈছে। লাহে লাহে বৰলুইতত খহনীয়া হৈ হৈ সমষ্টি দুখনৰ আয়তন কমি আহি নদী মেঘালয়ৰ পিনে চাপিবলৈ ধৰিছে।

বৰ্তমানে দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জত অৱস্থিত ঐতিহাসিক হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন গৰাখহনীয়াৰ কৱলত পৰিছে। অৱশ্যে জিঅ বেগেৰে খহনীয়াৰ প্ৰতিৰোধৰ বাবে কিছু কাম কৰাত সম্প্ৰতি খহনীয়া বন্ধ হৈছে যদিও বাৰিষা আহিলে বিদ্যালয়খন নদীৰ বুকুত জাহ যোৱাটো নিশ্চিত বুলি ধাৰণা কৰা হৈছে। বিদ্যালয়খনত প্ৰায় ডেৰ সহস্ৰাধিক শিক্ষাৰ্থী অধ্যয়ন কৰে। বিদ্যালয়খন নদীৰ বুকুত জাহ গ'লে বহু শিক্ষাৰ্থী অনিৰ্দিষ্ট কালৰ বাবে পাঠদানৰ পৰা বঞ্চিত হ'ব। বাৰিষাৰ পূৰ্বে হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কৰিলে বিদ্যালয়খন খহনীয়াৰ পৰা ৰক্ষা পৰিব।

মালেক মোল্লা নামৰ নৱম শ্ৰেনীৰ ছাত্ৰ জনে জানিব দিয়া মতে, তেওঁৰ পিতৃ গৃহ ইতিমধ্যে বৰলুইতে ৫ বাৰকৈ উটুৱাই নি তেওঁলোকৰৰ পৰিয়ালক সৰ্বহাৰা কৰিছে। এতিয়া তেওঁলোকৰৰ থাকিবলৈ আশ্ৰয় নাই। তেওঁ অধ্যয়ন কৰা বিদ্যালয়খনো খহনীয়াৰ কৱলত পৰিছে।

বিদ্যালয়খনো যদি নদীৰ বুকুত জাহ যায় তেন্তে শিক্ষাগ্ৰহন কৰি ডাঙৰ মানুহ হোৱাৰ বাবে মালেকে দেখা সপোন আধাতে সামৰণি পৰিব নেকি তাক লৈ মালেক এতিয়া চিন্তিত। ফলত ফকিৰগঞ্জ ছাত্ৰ সংগঠনৰ উদ্যোগত তেওঁ এইদৰে চাৰি ছাত্ৰৰ সৈতে আজি পদযাত্ৰা আৰম্ভ কৰে।

ছাত্ৰ কেইজনে এই পদযাত্ৰা কৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সমগ্ৰ বিষয়বস্তুলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ বাবে আৰম্ভ কৰা এই পদযাত্ৰা কিছদুৰ যোৱাৰ পাছতে আৰক্ষীয়ে বাধা প্ৰদান কৰি পদযাত্ৰাখন বন্ধ কৰি দিয়ে। ছাত্ৰ কেইজনৰ হাতত পদযাত্ৰাৰ অনুমতি নথকাৰ বাবে তেওঁলোকৰ এই পদযাত্ৰা স্থগিত কৰিবলগীয়া হ'ব।

অৱশ্য নীতি নিয়মৰ মাজত ছাত্ৰ কেইজনে দুই-এদিনৰ ভিতৰত পুনৰ পদয়াত্ৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সমস্যা সমাধানৰ দাবী জনাব বুলি পদযাত্ৰাৰ নেতৃত্ব লোৱা শিক্ষাৰ্থী মালেক মোল্লাই জানিবলৈ দিছে।

মন কৰিবলগীয়া বিষয় এয়া যে, যি বয়সত ছাত্ৰ এজনে অধ্যয়ন, খেল-ধেমালী কৰি জ্ঞান অৰ্জন কৰিব সেই সময়ত নৱম শ্ৰেনীৰ ছাত্ৰ খহনীয়াৰ কৱলত পৰি পদযাত্ৰা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

আৰু পঢ়ক: কাৰ্গিলৰ প্ৰথম ছহিদ পাৰ্বতীচৰণ দাসৰ বীৰত্বৰ কাহিনীয়ে গৌৰৱান্বিত কৰিব আপোনাক, পৰিয়ালৰ বিশেষ অনুৰোধ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in