
ডিজিটেল সংবাদ, ছয়দুৱাৰ : পুখুৰীৰ পাৰ ভাঙি কৰুণ মৃত্যুক আকোৱালি ল'লে এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গহপুৰত। গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত চন্দামাৰী বঙালী গাঁৱত এই ঘটনা সংটিত হয়।
জানিব পৰা মতে দেওবাৰে বিয়লি সমনীয়াৰ সৈতে এটা দ' শুকান পুখুৰীৰ ভিতৰৰ গড়াৰ পাৰত খেলি থাকোঁতে গড়াৰ পাৰ ভাঙি মাটিৰে হেঁচি ধৰাৰ ফলত গুৰুতৰ ভাবে আহত হয় এটি কিশোৰ। আহত কিশোৰ গৰাকী চন্দামাৰী বঙালী নিৱাসী ৰঞ্জিত মণ্ডলৰ একমাত্ৰ পুত্ৰ কিশোৰ মণ্ডল।
গুৰুতৰভাৱে আহত কিশোৰ মণ্ডলক ততাতৈয়াকৈ প্ৰথমে কাউৰীপথাৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু তাৰ পিছত বৰগাংস্থিত কেথলিক মিছনলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে হেলেম আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰিছে।
কিশোৰ মণ্ডল কাৰিবিল হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল। কিশোৰৰ আকস্মিক বিয়োগত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে।