সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলত শিক্ষাৰ্থীৰ বাণিজ্য মেলা

সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলত শিক্ষাৰ্থীৰ বাণিজ্য মেলা

ডিজিটেল সংবাদ, ঢকুৱাখনা: আনুষ্ঠানিক শিক্ষাৰ সমানুপাতিকভাৱে গতানুগতিক জীৱন-জীৱিকাৰ পদ্ধতিগত বিদ্যা প্ৰদানৰ এক বাস্তৱিক প্ৰণালীবদ্ধ শিক্ষণৰ বৃহস্পতি বাৰে অনুকৰণীয় পদক্ষেপ গ্ৰহণ কৰা হয় ঢকুৱাখনাত । ঢকুৱাখনা মহকুমাৰ বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত সোণাৰি চাপৰি ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যাৰ্থী সকলৰ উদ্যোগত অনুষ্ঠিত কৰা হয় গাৰ্হস্থ্য জীৱনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ এক বাণিজ্য মেলা ।

বিদ্যালয়খনৰ "য়ুথ এণ্ড ই’ক ক্লাব"ৰ উদ্যোগত বিদ্যালয়ৰ বিদ্যাৰ্থী সকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহনেৰে প্ৰায় দুঘণ্টাজোৰা এক বাণিজ্য মেলা অনুষ্ঠিত কৰা হয় ৷ কেৱল বিদ্যায়তনিক শিক্ষাৰ মাজতে শিক্ষাৰ্থী সকলক আবদ্ধ কৰি নাৰাখি যোগান আৰু গ্ৰাহকৰ চাহিদাৰ মাজত শৃংখলিত সমন্বয় আৰু প্ৰত্যক্ষ যুগসূত্ৰৰ সন্দৰ্ভত প্ৰায়োগিক জ্ঞান দিয়াৰ লক্ষ্যৰে আজি বিদ্যালয় পৰিয়ালৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই বাণিজ্য মেলা।

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰীণা মাই চুতীয়া সমন্বিতে গৰিষ্ঠ সংখ্যক শিক্ষক ,কৰ্মচাৰী আৰু গ্ৰাহক উপস্থিত থকা এই মেলাত স্ববাৰীত উৎপাদিত আলু ,ৰঙালাও,জাতি লাও, কোমোৰা, কবি বিলাহী, পালেং , মটৰ, বেঙেনা,মূলা আদি বিভিন্ন শাক পাচলিৰ লগতে পোহনীয়া হাঁহ, কুকুৰা, ছাগলী, গাহৰি, স্থানীয় ভাবে উপলব্ধ মাছ মাংস , খৰিচা পানীটেঙা, বেটগাজ ,ঘৰুৱা ব্যৱহার্য ঝাড়ু খেৰহুটা, বাঢ়নী, ফুলদানী আদি সকলো ধৰণৰ সামগ্ৰী নিজেই বিদ্যালয় প্ৰাংগনলৈ কঢ়িয়াই আনে ।

বিদ্যালয় পৰিয়ালৰ উদ্যোগত খেলপথাৰত স্থাপিত মুকলি বিপনিত অনুস্থিত কৰা এই মেলা প্ৰায় ২ ঘণ্টা ধৰি অব্যাহত থাকে । পৰম্পৰাগত আনুষ্ঠানিক শিক্ষা এদিনৰ বাবে ত্যাগ কৰি বাণিজ্যিক অভিজ্ঞতা আহৰণত ব্ৰতী হোৱা বিদ্যাৰ্থী সকলৰ এই মনোমোহা সুলভ মূল্যৰ বজাৰৰ ক্রেতা হবলৈ স্থানীয় ৰাইজৰ সমাগম ঘটে। পাঠ্যপুথি এৰি তৰ্জু হাতত তুলি সুলভ মুল্যত নিত্য প্ৰয়োজনীয় সামগ্ৰী বিক্রেতাৰ ৰূপ লোৱা বিদ্যাৰ্থী সকলৰ সতে গ্ৰাহক সকলে দৰ দাম, মত বিনিময় কৰি প্ৰয়োজনীয় সামগ্ৰী নিৰ্দিষ্ট দামত ক্ৰয় কৰে।

বিদ্যালয়ৰ শিক্ষক গোটৰ অকুণ্ঠ সহযোগ আৰু বিদ্যালয়ৰ ইয়ুথ এণ্ড ই’ক ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰা এই বাণিজ্য মেলাত স্ব-উৎপাদিত সামগ্ৰীৰ বিপনন কৰি আৰ্জিত ধনক লৈ স্বাভৱিকততে উৎসাহিত হৈ পৰে বিক্রেতাৰ ৰূপত উপস্থিত থকা বিদ্যাৰ্থীসকল । বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগিতাত আজি অনুষ্ঠিত এই বাণিজ্য মেলাই শিক্ষাৰ্থী সকলক অৰ্থ সৰ্বস্ব জীৱন পৰিক্ৰমাৰ সৈতে সহাবস্থান কৰাৰ এক প্ৰায়োগিক দিশৰ সতে পৰিচিত কৰি দিয়াত অভিভাৱক , শিক্ষানুৰাগী ৰাইজে বিদ্যালয় কৰ্তৃপক্ষৰ শলাগ লৈছে ।

সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলত শিক্ষাৰ্থীৰ বাণিজ্য মেলা
বিটিআৰৰ লোকসভা সমষ্টিত প্ৰাৰ্থী দিব বিপিএফে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in